NORTHEAST NOW (Assamese)
অসম

বলীউদ বা হলীউদৰ হিৰো নহয়; ভাৰতীয় উদ্যোগ জগতৰ তাৰকাহে এইগৰাকী সুন্দৰ পুৰুষ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 24, 2020 5:33 pm
Ratan

বৃহস্পতিবাৰে টাটা গ্ৰুপৰ অধ্যক্ষ ৰতন টাটাই ইনষ্টাগ্ৰামত তেওঁৰ যৌৱন কালৰ এখন ফটো শ্বেয়াৰ কৰে। প্ৰায় তিনিমাহ পূৰ্বে ইনষ্টাগ্ৰামত যোগ দিছিল টাটাই।

ইতিমধ্যেই ইয়াত তেওঁক ৮ লাখতকৈয়ো অধিক লোকে ফ’লো কৰে। তেওঁৰ এই ১৫ সংখ্যক প’ষ্টটোৱে সকলোৰে অন্তৰ জয় কৰিছে।

বৰ্তমান ৮২ বছৰীয়া টাটাই যিখন ফটো শ্বেয়াৰ কৰিছে সেইখন লছ এঞ্জেলছৰ। সেইখিনি সময়ত তেওঁ আছিল ২৫ বছৰ বয়সীয়া।

তেওঁৰ সেই সুন্দৰ চেহেৰাৰ ফটোখন দেখাৰ পাছতে অধিক সংখ্যক লোকেই তেওঁক হলীউদৰ তাৰকা যেন লগা বুলি মন্তব্য কৰে।

উল্লেখযোগ্য যে টাটাই আমেৰিকাত পঢ়া শুনা কৰি কিছুদিন কাম কৰাৰ পাছতে ১৯৬২ চনত ভাৰতলৈ উভতি আহিছিল।

নিজৰ প’ষ্টটোত ৰতন টাটাই লিখিছে: ‘’এই ফটোখন বুধবাৰেই শ্বেয়াৰ কৰিব বিচাৰিছিলো, কিন্তু কোনোবাই মোক ‘’থ্ৰোবিক থাৰ্ছডে‘’ৰ বিষয়ে ক’লে। সেয়েহে, লছ এঞ্জেলছৰ দিনৰ এই ফটোখন প’ষ্ট কৰিলো।‘’

ইতিমধ্যে ৰতন টাটাৰ এই প’ষ্টটোৱে কেইবা লাখো লাইক আৰু কেইবা হাজাৰো কমেন্ট লাভ কৰিছে।