NORTHEAST NOW (Assamese)
অসম

কাইলৈ ২৪ ঘণ্টীয়া ডিমা হাচাও জিলা বন্ধ; ডিমাচা চহিদ দিৱস পালনৰ আহ্বান

Posted by: পংকজকুমাৰ দেব Updated by: পংকজকুমাৰ দেব January 24, 2020 9:33 pm
DNLA

কাইলৈ, অৰ্থাৎ ২৫ জানুৱাৰিত ২৪ ঘণ্টীয়া ডিমা হাছাও আৰু কাৰ্বি আংলং জিলা বন্ধ ঘোষণা কৰিছে ডিমাচা নেশ্যনেল লিবাৰেইশ্যন আৰ্মি চমুকৈ ডি এন এল এ-ই।

নাগৰিকত্ব (সংশোধন) আইনৰ বিৰোধিতাৰ উপৰি ডিমা হাছাও জিলাৰ প্ৰস্তাৱিত ডিটেনশ্যন চেণ্টাৰ স্থাপন আৰু ষষ্ঠ অনুসূচীৰ দুই পাৰ্বত্য জিলাত পঞ্চায়তী ৰাজ ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ  তীব্ৰ বিৰোধিতাত এই বন্ধ দিয়া হৈছে বুলি সংগঠনটোৱে এটা বিবৃতিত জনাইছে। বিবৃতিটো সংগঠনটোৰ প্ৰচাৰ সচিব ৰিঙ্চমাই ডিমাচাৰ দ্বাৰা স্বাক্ষৰিত।

বন্ধ দিয়াৰ উপৰি ২৫ জানুৱাৰি দিনটো ডিমাচা চহিদ দিৱস হিচাপে পালন কৰাৰো দাবী জনাইছে সংগঠনটোৱে।

২০১৮ চনৰ ২৫ জানুৱাৰিত নাগালিম ইছ্যুত  অগ্নিগৰ্ভা হৈ পৰা ডিমা হাচাও জিলাত বন্ধৰ সমৰ্থকক নিয়ন্ত্ৰণ কৰিবলৈ গৈ আৰক্ষীয়ে গুলী চালনা কৰাত দুজন যুৱক ক্ৰমে মিঠুঞ্জয় দিব্ৰাগেডে আৰু প্ৰবান্ত হাকমাউচাৰ মৃত্যু হৈছিল।

নাগালিমত জিলাখনৰ এটা অংশক অন্তৰ্ভুক্ত কৰিব বুলি আৰ এছ এছে প্ৰচাৰ চলোৱাৰ পিছতে জিলাখনৰ পৰিস্থিতি উত্তপ্ত হৈ পৰিছিল আৰু প্ৰতিবাদ কৰি একাধিক সংগঠনে পাহাৰীয়া জিলাখনত বন্ধৰ আহ্বান জনাইছিল।

বন্ধৰ সমৰ্থকে মাইবাঙ ৰে’ল ষ্টেইশ্যনত যাত্ৰীবাহী ৰে’ল ৰখাই দিয়াত পৰিস্থিতি উত্তপ্ত হৈ পৰে আৰু বন্ধ সমৰ্থকক নিয়ন্ত্ৰণ কৰিবলৈ গৈ আৰক্ষীয়ে গুলী চলাইছিল।

২৫ জানুৱাৰিৰ উক্ত মৰ্মান্তিক ঘটনাক স্মৰণ কৰি সংগঠনটোৱে ডিমাচা চহিদ দিৱস পালন কৰাৰ বাবে সকলোকে আহ্বান জনাইছে।

ঘোষিত ২৪ ঘণ্টীয়া বন্ধটো শুকুৰবাৰৰ নিশা ১২ বজাৰ পৰা আৰম্ভ হ’ব আৰু শনিবাৰে নিশা ১২ বজালৈ অব্যাহত থাকিব।