NORTHEAST NOW (Assamese)
অসম

আত্মসমৰ্পণ এখন নাটক, কিছু সন্ত্ৰাসবাদী সংগঠনে আত্মসমৰ্পণৰ যোগেৰে আত্মপ্ৰকাশ কৰিছে : শৃংখল চলিহা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 25, 2020 4:19 pm
Lachit Sena

কাৰাগাৰৰ পৰা মুকলি হৈ আহিয়ে পুনৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা।

আজি চামগুৰিত সংবাদমেল সম্বোধন কৰি চলিহাই বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি লয়।

২৩ জানুৱাৰিত কিছু সংখ্যক উগ্ৰপন্থী সংগঠনে চৰকাৰৰ ওচৰত আত্মসমৰ্পন কৰা কাৰ্য্যক এখন পৰিকল্পিত নাটক আখ্যা দিয়ে বীৰ লাচিত সেনাৰ নেতা গৰাকীয়ে।

‘‘সন্ত্ৰাসবাদী সংগঠনৰ আত্মসমৰ্পন এখন নাটক, আত্মসমৰ্পনৰ যোগেৰে আত্ম প্ৰকাশ কৰিছে কিছুমান সন্ত্ৰাসবাদী সংগঠনে,’’ শৃংখল চলিহাই কয়।

আনহাতে, বৰ্তমান নাগৰিকত্ব (সংশোধন) আইন বিৰোধী আন্দোলন সম্পৰ্কে মত প্ৰকাশ কৰি চলিহাই কয় যে এইবাৰ আন্দোলনে নেতাৰ জন্ম নিদিয়ে সিংহ হে জন্ম দিব বুলি কয়।

সাংবাদিকে বৰ্তমান আন্দোলনৰ সুযোগ কংগ্ৰেছে গ্ৰহণ কৰিছে নেকি বুলি সোধা আন এক প্ৰশ্নৰ উত্তৰত চলিহাই কংগ্ৰেছক আউটডেটেত দল বুলি কয়।

‘‘কংগ্ৰেছ নহয় এইবাৰ আঞ্চলিক ৰাজনৈতিক দলেহে অগ্ৰাধিকাৰ পাব আৰু এই দলে অগপৰ দৰে ৰাইজক নঠগে,’’ শৃংখল চলিহাৰ স্পষ্ট উত্তৰ।

গাঁৱতহে বিপ্লৱৰ সূচনা হয় বুলি উল্লেখ কৰি এইবাৰ ‘কা’ বিৰোধী আন্দোলন নগৰ কেন্দ্ৰীকৰ পৰিৱৰ্তে গাঁও কেন্দ্ৰীকহে হ’ব বুলিও চলিহাই সংবাদমেলত মন্তব্য কৰে।