NORTHEAST NOW (Assamese)
অসম

অসমক ভাৰতৰ পৰা বিছিন্ন কৰি দিম বুলি বিতৰ্কিত মন্তব্য কৰা জে এন য়ুৰ প্ৰাক্তন ছাত্ৰৰ বিৰুদ্ধে গোচৰ তৰিব অসম চৰকাৰে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 25, 2020 5:33 pm
Sarjil Imam vs Himanta

জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ চাৰ্জিল ইমামে চাহিনবাগৰ প্ৰতিবাদস্থলীত অসমক ভাৰতৰ পৰা বিছিন্ন কৰি দিয়া হ’ব বুলি কৰা বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে গোচৰ তৰিব অসম চৰকাৰে।

চাৰ্জিল ইমাম দিল্লীৰ চাহিনবাগ প্ৰতিবাদৰ মূল উদ্যোক্তা।

ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতি বিঘ্নিত কৰাৰ বাবে বিতৰ্কিত মন্তব্য দিয়া হৈছে বুলি অসমৰ বিত্ত মন্ত্ৰী হিমান্ত শৰ্মাই সংবাদমেলত কয়।

‘‘চাহিনবাগ প্ৰতিবাদৰ মূল উদ্যোক্তাই অসমক ভাৰতৰ পৰা বিছিন্ন কৰি দিব লাগে বুলি কৈছে। অসম চৰকাৰে এই বিছিন্নতাবাদী মন্তব্য কৰা চাৰ্জিল ইমামৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ কথা বিবেচনা কৰিছে,’’ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে সংবাদ মাধ্যমৰ আগত কয়।

‘‘অসমত আইন-শৃংখলা পৰিস্থিতি বিঘ্নিত কৰাৰ বাবে এনে বিতৰ্কিত মন্তব্য দিয়া হৈছে। ইয়াত হিন্দু, বঙালী আৰু মুছলমানক হত্যা কৰা হৈছে বুলিও মিছা মন্তব্য দিয়া হৈছে দিল্লীৰ প্ৰতিবাদস্থলীত,’’ হিমন্তই লগতে কয়।

জে এন য়ুৰ প্ৰাক্তন ছাত্ৰ চাৰ্জিল ইমামে দিয়া বিতৰ্কিত মন্তব্যৰ ভিডিঅ’টো সংবাদ মাধ্যমত প্ৰচাৰিত হৈছে।

হিমন্ত বিশ্ব শৰ্মাই ভিডিঅ’টোৰ সত্যতা নিৰূপন হোৱাৰ পাছতে চৰকাৰে গোচৰ ৰুজু কৰিব বুলি লগতে কয়।

ভাৰতৰ পৰা অসমক বিছিন্ন কৰা কোনো শক্তিকে অসম আৰু উত্তৰ-পূবৰ জনসাধাৰণে সমৰ্থন নকৰে বুলিও শৰ্মাই সংবাদমেলত কয়।

‘‘অসম ভাৰতৰ অভিন্ন অংগ। অসমক ভাৰতৰ পৰা বিছিন্ন কৰি দিয়া হ’ব বুলি কোৱাৰ কাৰো অধিকাৰ নাই,’’ হিমন্তই লগতে উল্লেখ কৰে।