NORTHEAST NOW (Assamese)
অসম

“শিল্পী” অজয় ফুকন হ’লগৈ “নপতা ফুকন”; বৰ্জন কৰিবলৈ ৰুষ্ট জুবিন গাৰ্গৰ আহ্বান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 25, 2020 8:30 pm
Zubeen Vs Ajay Phukan

CAA-বিৰোধী আন্দোলনটোৰ প্ৰেক্ষাপটত শিল্পীক ৰাজনীতিৰ মেৰপেঁচত পেলাব খোজা অজয় ফুকন নামৰ “শিল্পী”জনৰ ওপৰত ৰুষ্ট হৈ জুবিন গাৰ্গে আজি ফেইচবুকত এটা সতৰ্কীকৰণ পোষ্ট দিছে।

বিতৰ্কিত শিল্পীজনে CAA-বিৰোধী আন্দোলনত জড়িত শিল্পীসকলৰ অভিভাৱকত্ব জাহিৰ কৰি বিভিন্ন সময়ত একাধিক বিভ্ৰান্তিকৰ মন্তব্য দি অহা বুলি অভিযোগ উঠিছে।

ফুকনৰ বিৰুদ্ধে এই অভিযোগো আছে যে তেওঁ কিছু সংখ্যক সংবাদ প্ৰতিষ্ঠানৰ আগত অজয় ফুকনে শিল্পীসকলৰ নেতৃত্বত ৰাজনৈতিক দল খোলা হ’ব বুলিও ঘোষণা কৰি ফুৰিছে।

“জাতীয় নায়ক উপাধিটো জুবিন গাৰ্গকহে আচলতে দিব লাগে” বুলি কিছু দিন পূৰ্বে ৰাজহুৱা মন্তব্য কৰি অস্বস্তিত পেলাইছিল শিল্পী গাৰ্গক।

এইবোৰ কৰ্মকাণ্ডৰ প্ৰতিক্ৰিয়া হিচাপে আজি জুবিন গাৰ্গে এটা স্পষ্টীকৰণ পোষ্ট দি কয় যে তেওঁ অজয় ফুকনক লৈ কিছু সমস্যাত পৰিছে।

শিল্পীজনে দিয়া স্পষ্টীকৰণটোৰ অসমীয়া অনুবাদ এনে ধৰণৰ-

“অনুগ্ৰহ কৰি তেওঁ আহ্বান জনোৱা কোনো কাৰ্য্যসূচীলৈ নাহিব। আছাম আৰ্টিষ্ট এছ’চিয়েশ্যন কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনৰ দ্বাৰা পৰিচালিত। মই আছু আৰু আন আন সংগঠনবোৰৰ সৈতে আলোচনা কৰি সকলো ঘোষণা কৰিম। কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন এটা ঐক্যবদ্ধ গোট। ইয়াত ৰাজনীতিৰ কোনো স্থান নাই। কোনোবাই সেইটো কৰিব খুজিলে মই মোহাৰি পেলাম। অজয় ফুকনৰ এতিয়া জুবিন ফেন ক্লাবৰ সৈতে সম্পৰ্ক নাই”।

জানিব পৰা মতে, নিজকে সংগীত পৰিচালক বুলি চিনাকি দিয়া শিল্পী অজয় ফুকন পূৰ্বেও কেইবাটাও বিতৰ্কত সোমাই পৰাৰ উদাহৰণ আছে।