NORTHEAST NOW (Assamese)
অসম

৬ বছৰীয়া শিশুক ধৰ্ষণ আৰু হত্যা; এজন ২৫ বছৰীয়া যুৱকক গ্ৰেপ্তাৰ

Posted by: চাজিদ খান Updated by: চাজিদ খান January 28, 2020 8:09 am
Minor-rape-and-murder-750x375

এটি ছবছৰীয়া কন্যা শিশুক প্ৰথমে ধৰ্ষণ আৰু তাৰ পাছত নৃশংসভাৱে হত্যা কৰাৰ অপৰাধত ওদালগুৰি জিলাৰ ডিমাকুছিৰ পৰা সন্তোষ মুণ্ডা(২৫) নামৰ যুৱক এজনক গ্ৰেপ্তাৰ কৰে।

সন্তোষ মুণ্ডাই ওদালগুৰি জিলাৰ ডিমাকুছিৰ অন্তৰ্গত ভোলাটাৰ নামৰ গাঁও এখনত এই জঘণ্য কাণ্ড সংঘটিত কৰিছিল।

জানিব পৰা মতে শিশুটিয়ে ওচৰৰে এখন দোকানলৈ আহিছিল আৰু তেতিয়াই মুণ্ডাই শিশুটিক ওচৰৰে জংঘললৈ লৈ গৈ এই জঘণ্য কাণ্ড সংঘটিত কৰে। শিশুটিৰ মৃতদেহটো জংঘলতে উদ্ধাৰ হয়।

ভেৰগাঁও মহকুমা আৰক্ষী বিষয়া নিৰ্মল ঘোষে নৰ্থ-ইষ্ট নাওৰ আগত কয়, ‘আমি যুৱকজনক গ্ৰেপ্তাৰ কৰিছো। ঘটনা সন্দৰ্ভত কিছু স্থানীয় লোককো সোধা পোচা কৰি থকা হৈছে’।

‘এই ঘটনাটো দেওবাৰে সন্ধিয়া প্ৰায় ৬.৩০ মান বজাত সংঘটিত হৈছে। সেই সময়ত শিশুটিৱে ওচৰৰ দোকানলৈ কিবা বস্তু কিনিবলৈ আহিছিল। আৰু সেই সুযোগ গ্ৰহণ কৰি মুণ্ডা নামৰ যুৱকজনে এই নৃশংস ঘটনা সংঘটিত কৰে’, ঘটনা সন্দৰ্ভত গাঁওবাসীৰ মন্তব্য।

ইফালে আত্মীয় তথা একাংশ ওচৰৰ লোকে শিশুগৰাকীৰ মৃতদেহৰ অৱস্থা দেখি এয়া দলবদ্ধ ধৰ্ষণ বুলি মন্তব্য প্ৰকাশ কৰিছে।