NORTHEAST NOW (Assamese)
অসম

ভূমি পট্টা প্ৰদান সমাৰোহলৈ যোৱা সিদ্ধাৰ্থ ভট্টাচাৰ্যক বৰপেটাত ক’লা পতাকা প্ৰদৰ্শন

Posted by: পুলেন্দ্ৰ দাস Updated by: পুলেন্দ্ৰ দাস January 28, 2020 6:43 pm

বৰপেটা চহৰত আজি ভূমিহীন হিতাধিকাৰীক ভূমি পট্টা আৰু আৱণ্টন পত্ৰ প্ৰদান কৰা হয়। বৰপেটা জিলা পুথিভড়াল প্ৰেক্ষাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত জিলাখনৰ ৯২৭ গৰাকী ভূমিহীন হিতাধিকাৰীক ভূমি পট্টা আৰু আৱণ্টন পত্ৰ প্ৰদান কৰা হয়।

আজিৰ অনুষ্ঠানত ৯ গৰাকী হিতাধিকাৰীক আনুষ্ঠানিকভাৱে ভূমি পট্টা আৰু আৱণ্টন পত্ৰ প্ৰদান কৰে গুৱাহাটী উন্নয়ন, সমবায় আৰু আইন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই।

এই অনুষ্ঠানৰ পিছতে সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে কয় যে, বড়ো শান্তি চুক্তিক লৈ শংকাৰ কোনো কাৰণ নাই। এই চুক্তিৰ জৰিয়তে বড়োভূমিৰ লগতে অসমত নতুন দিগন্তৰ সূচনা হ’ব বুলিও তেওঁ কয়।

আনহাতে বৰপেটা জিলা পুথিভড়াল প্ৰেক্ষাগৃহত প্ৰৱেশৰ প্ৰাকমুহুৰ্তত আছু কাৰ্যালয়ৰ সন্মুখত আছু কৰ্মীসকলে মন্ত্ৰী গৰাকীক ক’লা পতাকা দেখুৱাই “কা” বাতিলৰ দাবীত বিভিন্ন শ্ল’গান দিয়ে ৷