NORTHEAST NOW (Assamese)
অসম

বৰপেটাত জনসাহিত্যৰ বিশাৰদ আৰু আতা সাহিত্যিকৰ স্মৃতি দিৱস পালন

Posted by: পুলেন্দ্ৰ দাস September 16, 2018 7:55 pm
Barpeta sahitya sabha

‘জনসাহিত্যই যুগে যুগে লেখক লেখিকাসকলক অনুপ্ৰাণিত কৰি আহিছে’ এই মন্তব্য বঙাইগাঁৱৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ জ্যেষ্ঠ প্ৰবক্তা ডিম্বেশ্বৰ মেধিৰ।

বৰপেটাত আজি অনুষ্ঠিত জনসাহিত্যৰ বিশাৰদ শ্ৰীৰাম চন্দ্ৰ দাস আৰু আতা সাহিত্যিক অৰ্জুন দাসৰ স্মৃতি দিৱস কাৰ্যসূচীত নিৰ্দিষ্ট বক্তা হিচাপে অংশ গ্ৰহণ কৰি তেওঁ লগতে কয় যে, শ্ৰীৰাম চন্দ্ৰ দাস আৰু অৰ্জুন দাসে অসমীয়া সাহিত্যলৈ অনবদ্য অৱদান আগবঢ়াই গৈছে ৷ এই সাহিত্যিক দুগৰাকীক নৱ প্ৰজন্মই জনাটো অতিকে প্ৰয়োজন বুলি তেওঁ কয়।

বৰপেটা সাহিত্য সভাৰ উদ্যোগত বৰপেটা সাহিত্য সভা ভৱনত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত স্মৃতি দিৱসৰ কাৰ্যসূচী অনুসৰি বিয়লি ৫ বজাত বৰপেটা সাহিত্য সভাৰ সভাপতি উদ্ধৱ চন্দ্ৰ দাসৰ সভাপতিত্বত এই সভা অনুষ্ঠিত হয়। সভাত বৰপেটা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি দীনেশ দাসেও নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি শ্ৰীৰাম চন্দ্ৰ দাস আৰু অৰ্জুন দাসৰ বিষয়ে সংক্ষিপ্ত বিবৰণ আগবঢ়ায় ৷

এই সভাতে ‘বেদান্ত দৰ্শন আৰু একশৰণ হৰিনাম তত্ত্ব’ শীৰ্ষক এখন পুস্তিকা উন্মোচন কৰে বৰপেটা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বীৰেণ মেধিয়ে ৷