NORTHEAST NOW (Assamese)
Popular Stories

বিজেপিত যোগদান জ্যোতিৰাদিত্য সিন্ধিয়াৰ; মধ্যপ্ৰদেশৰ পৰা ৰাজ্যসভাৰ বিজেপিৰ প্ৰাৰ্থী ঘোষণা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 11, 2020 6:54 pm
Jyotiraditya Scindia

চাৰি বাৰৰ সাংসদ তথা য়ুপিএ চৰকাৰৰ পূৰ্বৰ কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই আজি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে।

মধ্যপ্ৰদেশৰ প্ৰভাৱশালী প্ৰাক্তন কংগ্ৰেছ নেতা গৰাকীয়ে আজি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নদ্দাৰ উপস্থিতিত বিজেপিত যোগদান কৰে।

বিজেপিত যোগদান কৰি সিন্ধিয়াই কংগ্ৰেছক পূৰ্বৰ কংগ্ৰেছ নহয় বুলি সমালোচনা কৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কোটি কোটি ভাৰতীয় লোকে বিজেপিৰ প্ৰতি বিশ্বাস ব্যক্ত কৰিছে বুলি কয়।

মধ্যপ্ৰদেশত কংগ্ৰেছে ২০১৮ চনত ক্ষমতালৈ অহাৰ পাছত ১৮ মাহৰ ভিতৰত তেওঁলোকৰ সপোন ভংগ হ’ল বুলি উল্লেখ কৰি মধ্যপ্ৰদেশত খেতিয়কৰ ঋণ ৰেহাই দিয়া নহ’ল বুলিও প্ৰকাশ কৰে।

আনহাতে, বিজেপিত যোগদান কৰাৰ পাছতে জ্যোতিৰাদিত্য সিন্ধিয়া আৰু হৰ্ষ চৌহানৰ নাম বিজপিয়ে মধ্যপ্ৰদেশৰ পৰা ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰে।

উল্লেখযোগ্য যে, মধ্যপ্ৰদেশত ১১ খন ৰাজ্যসভাৰ আসন আছে। ইয়াৰ ভিতৰত ৩ খন আসন এপ্ৰিল মাহৰ পৰা খালী হৈ আছে।

মাৰ্চৰ ২৬ তাৰিখে ৰাজ্যসভাৰ খালী হৈ থকা আসন পুৰণৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব।