NORTHEAST NOW (Assamese)
অসম

আবকাৰী বিভাগৰ হানজাংলাংছোত থকা গুদামৰ পৰা ভাৰতত প্ৰস্তুত দেশীয় সুৰাৰ ১৫০০টা কাৰ্টন লুট

Posted by: নংগি তেৰাং August 28, 2018 7:37 pm
IMFL (1)

আবকাৰী বিভাগক অত্যন্ত অস্বস্তিত পেলাই এটা লুটপাতৰ ঘটনা সংঘটিত হ’ল খোদ আবকাৰী বিভাগৰ গুদামত। জানিব পৰা মতে বোকাজান আৰক্ষী থানাৰ অন্তৰ্গত হানজাংলাংছোত থকা আবকাৰী বিভাগে ব্যৱহাৰ কৰা এটা গুদামত জব্দ কৰা ভাৰতত প্ৰস্তুত বিদেশী সুৰা (IMFL) জমা কৰি ৰাখিছিল বিভাগটোৱে।

তাৎপৰ্যপূৰ্ণভাৱে গুদামটোত নাছিল কোনো চকীদাৰ। সূত্ৰৰ পৰা জানিব পৰা মতে এই চুৰি কাৰ্যত স্থানীয় লোক জড়িত থকাৰ সন্দেহ কৰিছে বিভাগটোৱে।

আবকাৰী বিভাগৰ সূত্ৰটোৱে জনোৱা মতে প্ৰায় ১৫০০ কাৰ্টন ভাৰতত প্ৰস্তুত বিদেশী সুৰা চুৰি কৰি লৈ যোৱা হৈছে। এই বেআইনীভাৱে সৰবৰাহ কৰা সুৰাখিনি বিভাগটোৱে বোকাজানৰ আশে পাশে জব্দ কৰিছিল।

উল্লেখ্য যে বোকাজানত অৰুণাচল আৰু খটখটীলৈকে দেশীয়ভাৱে প্ৰস্তুত বিদেশী সুৰা সৰবৰাহৰ এখন ৰমৰমীয়া বজাৰ আছে। অৰুণাচল আৰু খটখটীয়ে মদ নিষিদ্ধ নাগালেণ্ডৰ অভ্যস্ত মদ্যপায়ীসকললৈ মদৰ যোগান ধৰি আহিছে।

এই চুৰিৰ ঘটনা সন্দৰ্ভত ৬গৰাকী যুৱকক ধৰি অনা হৈছে আৰু তেওঁলোকক জেৰা কৰি থকা হৈছে।