NORTHEAST NOW (Assamese)
Popular Stories

সুখবৰ! : অহা বছৰত জিঅ’-এ প্ৰদান কৰিব ৫জি সেৱা, কম মূল্যতে দিব ৫জি স্মাৰ্টফোন!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 15, 2020 5:52 pm
index.jpgkkkkk

অহা বছৰতে ৰিলায়েন্স জিঅ’-এ ইয়াৰ গ্ৰাহকসকলৰ বাবে দেশত ৫জিৰ ক্ষীপ্ৰ গতিৰ ইন্টাৰনেট সেৱা আগবঢ়াব।

লগতে অতি কম মূল্যতে বজাৰত মুকলি কৰিব ৫জি স্মাৰ্টফোন।

বুধবাৰে ৪৩ সংখ্যক ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ সাধাৰণ সভাত এই ঘোষণা কৰে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ মুৰব্বী মুকেশ আম্বানীয়ে।

তেওঁ লগতে জনায় যে ৰিলায়েন্স জিঅ’-এ সম্পূৰ্ণ ৫জি চলিউশ্যন তৈয়াৰী কৰি তুলিছে।

অহা বছৰ কেন্দ্ৰীয় চৰকাৰে স্পেকট্ৰাম দিলেই জিঅ’-এ মেড ইন ইণ্ডিয়াৰ ৫জি সেৱা মুকলি কৰিব।

“ভাৰতত কাৰ্যকৰী হ’লেই, বিশ্বৰ অন্যান্য টেলিকম সংস্থাসমূহৰ ৫জি চলিউশ্যন ৰপ্তানি কৰিব জিঅ’-এ। আমি গৌৰৱেৰে কওঁ যে, ৫জিৰ এই গোটেই প্ৰক্ৰিয়াটোৰ যাৱতীয় কাম কৰিছে জিঅ’ৰ কৰ্মীসকলে। চৰকাৰে স্পেকট্ৰাম্প দিলেই এই পৰিসেৱা আৰম্ভ কৰা হ’ব।” মুকেশ আম্বানীয়ে কয়।

তেওঁ লগতে জনায় যে জিঅ’-এ গুগলৰ সৈতে মিলি কম মূল্যৰ বিশ্বমানৰ ৫জি স্মাৰ্টফোনো তৈয়াৰ কৰিছে।

“এই পৰ্যন্ত ১০ কোটি জিঅ’ ফোন বিক্ৰী হৈছে। এতিয়াও ফিচাৰ ফোন ব্যৱহাকাৰীয়ে তেওঁলোকৰ ফোন স্মাৰ্টফোনলৈ আপগ্ৰেড কৰাৰ বাবে অপেক্ষা কৰি আছে। আমাৰ বিশ্বাস, আমি এণ্ট্ৰি লেভেল ৪জি অথবা ৫জি স্মাৰ্টফোন ডিজাইন কৰিব পাৰিম।” আম্বানীয়ে আৰু কয়।

আম্বানীৰ মতে এই স্মাৰ্টফোনসমূহ আন স্মাৰ্টফোনতকৈ যথেষ্ট কম মূল্যৰ হ’ব।