NORTHEAST NOW (Assamese)
অসম

৪৮ ঘণ্টীয়া অসম বন্ধ প্ৰত্যাহাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 28, 2020 8:37 pm
Bandh-780x405-570x320

গাৰো স্বায়ত্তশাসিত পৰিষদ গঠনৰ দাবীত য়ুনাইটেড গাৰো অটন’মাছ কাউন্সিল ম’ভমেণ্ট কমিটীয়ে (UGACMC) আহ্বান দিয়া ৪৮ ঘণ্টীয়া অসম বন্ধ প্ৰত্যাহাৰ কৰিছে।

আজি পুৱা ৫ বজাৰ পৰা ৩০ জানুৱাৰিৰ পুৱা বজালৈ এই বন্ধৰ আহ্বান দিয়া হৈছিল।

“আমি গোৱালপাৰা আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাই চৰকাৰৰ সৈতে আলোচনা কৰাই দিয়াৰ নিশ্চয়তা দিয়া বাবে বন্ধটো প্ৰত্যাহাৰ কৰিলো। কিন্তু যদিহে আলোচনাটো বিফল হয়, তেন্তে আমি আন্দোলন অব্যাহত ৰাখিম”, UGACMC-ৰ সভাপতি এলেক্স কে চাংমাই কয়।

আনহাতে যদিও বন্ধ প্ৰত্যাহাৰ কৰা বুলি কমিটীয়ে ঘোষণা কৰিছে, কিছু সংখ্যক বন্ধৰ সমৰ্থকে আজি পুৱা জিলাখনৰ অসম-মেঘালয়ৰ সীমাত বাণিজ্যিক যান-বাহনলৈ শিল দলিওৱা বুলি অভিযোগ উত্থাপিত হৈছে।

নখমাখুন্দিত দুৰ্বৃত্তৰ শিল বৰ্ষণত এখন ট্ৰাকৰ গ্লাছ ভাগে বুলি খবৰ পোৱা গৈছে। পাইকান নামৰ ঠাইখনতো শিল দলিওৱাৰ আন এটা ঘটনা ঘটাৰ বাতৰি পোৱা গৈছে।

উল্লেখযোগ্য যে ২৭ জানুৱাৰিত বড়ো শান্তি চুক্তি স্বাক্ষৰৰ জৰিয়তে কেন্দ্ৰই অসমত বড়োসকলৰ আন্দোলনৰ এটা সমাধান আনিলে যদিও আন একাংশই একেই পথেৰে প্ৰাপ্য আদায়ৰ বাবে টঙালি বান্ধিছে।

আনহাতে নামনি অসমত বড়ো শান্তি চুক্তিক লৈও মিশ্ৰিত প্ৰতিক্ৰিয়া দেখা গৈছে আৰু অবড়োসকলে ঠায়ে ঠায়ে ইয়াৰ প্ৰতিবাদ কৰিছে।