NORTHEAST NOW (Assamese)
Popular Stories

পৰেশ বৰুৱাই আলোচনালৈ অহাৰ সুযোগ এৰিলে নিজৰ ভৰিত নিজে কুঠাৰ মৰা হ’ব : অভিজিৎ শৰ্মা

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া January 29, 2020 5:04 pm
Paresh Baruah VS Abhijeet Sarmah

বিদ্ৰোহী সশস্ত্ৰ সংগঠন আলফাৰ সেনাধক্ষ্য পৰেশ বৰুৱাক বিৰোধিতা কৰি অহা তথা সমালোচনাৰে থকা সৰকা কৰা অসম পাব্লিক ওৱৰ্কছ (এ পি ডব্লিউ) ৰ সভাপতি অভিজিৎ শৰ্মাই পৰেশ বৰুৱা মূল সুঁতিলৈ ঘুৰি অহাটো বিচাৰিছে।

পৰেশ বৰুৱাৰ বাবে এয়াই সোণালী সুযোগ বুলিও সদৰী কৰে শৰ্মাই।

‘স্বাধীনতাৰ চৰ্তহীন’ আলোচনা পৰেশ বৰুৱাই নাকচ কৰাৰ পাছতেই এই সন্দৰ্ভত নৰ্থ-ইষ্ট নাওৰ সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এ পি ডব্লিউৰ সভাপতিগৰাকীয়ে কয়, ‘মূল সুঁতিলৈ বহুকেইজন আলফা নেতা ইতিমধ্যে ঘুৰি আহিল। সোণালী সুযোগ বাৰেপতি নাহে বুলি কথা এষাৰ আছে। এই সোণালী সুযোগ বা পৰিৱেশ পৰেশ বৰুৱাই এৰি দিব নালাগে। পৰেশ বৰুৱাই আলোচনালৈ অহাৰ সোণালী সুযোগ এৰি দিলে নিজৰ ভৰিত নিজে কুঠাৰ মৰা হ’ব’।

তেওঁ আৰু কয়, ‘অসমৰ ৰাইজে এতিয়া শান্তি প্ৰতিষ্ঠা হোৱাটো বিচাৰে। শান্তি প্ৰতিষ্ঠা কৰিবৰ বাবে পৰেশ বৰুৱা ঘুৰি আহক আৰু অসমৰ ৰাইজে আদৰণি জনাব লাগে।‘

ইপিনে, বড়োসকল আমাৰ বাবে এটা ডাঙৰ উদাহৰণ বুলি মন্তব্য কৰি শৰ্মাই লগতে কয়, ‘অসমীয়া মানুহে আহ ঐ আহ চিঞঁৰিলে, টায়াৰ জ্বলালে, প্ৰতিবাদ কৰিলে, অসম বন্ধ দিলে, সকলো কৰিলে। আমি এইবোৰ কৰি থাকোতেই গোটেই জীৱনটো পাৰ হ’ব নেকি? জাতিটো টায়াৰ জ্বলাওতেই শেষ হ’ব নেকি?’

‘আমি আশাবাদী পৰেশ বৰুৱা আলোচনাৰ মজিয়ালৈ আহিব। কিছুমান স্বাৰ্থলোভী মানুহ আছে যি তেওঁ শান্তি আলোচনালৈ অহাটো নিবিচাৰে। পৰেশ বৰুৱা আলোচনাৰ মজিয়ালৈ আহিলে যাতে তেওঁলোকে বিৰোধিতা নকৰে।‘ শৰ্মাই লগতে কয়।

ইপিনে, এন ডি এফ বিৰ চাৰিওটা গোটে স্বাধীন বড়োলেণ্ড বিচাৰি সংগ্ৰাম কৰিছিল বুলি সদৰী কৰি শৰ্মাই লগতে কয় ‘কিন্তু তেওঁলোকে দাবীটো এৰিলে। তেনেকৈ বহু কাম কৰিব পাৰি।‘

‘পৰেশ বৰুৱাৰ নাম লৈ ইমান বছৰে সুবিধা লৈ থকা মানুহবোৰ, যি বিচাৰে পৰেশ বৰুৱা জংঘলত থাকিলে তেওঁলোকৰ দোকানখন চলে, এই লোকসকলে বিৰোধিতা কৰিলে তেওঁলোকক ওলোটাই অসমৰ ৰাইজে বিৰোধিতা কৰিব লাগিব।‘ শৰ্মাই আমাৰ সাংবাদিকৰ আগত কয়।