NORTHEAST NOW (Assamese)
অসম

ইন্দিৰা গান্ধীৰ মৃত্যুৰ ভৱিষ্যৎবাণী কৰা জ্যোতিষীয়ে নৰেন্দ্ৰ মোদীৰ ভৱিষ্যতৰ বিষয়ে কি ক’লে?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 30, 2020 3:20 pm
Hridaylal-Mishra

প্ৰাক্তন প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধী আৰু তেওঁৰ পুত্ৰ সঞ্জয় গান্ধীৰ  মৃত্যুৰ ভৱিষ্যৎবাণী কৰা জ্যোতিষীজনে একেবাৰে নিৰ্ভুলভাৱে দিছিল সেই আগতীয়া বাৰ্তা।

কিন্তু বহতেই সেই জ্যোতিষী পণ্ডিতগৰাকীৰ নাম নাজানে। পিচে, বৰ্তমান পুনৰ সেই জ্যোতিষীগৰাকী চৰ্চাৰ মাজলৈ আহিছে কিয়নো তেওঁ এইবাৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভৱিষ্যৎবাণী কৰিছে।

অযোধ্যাৰ বাসিন্দা এই জ্যোতিষীগৰাকীৰ নাম হৈছে হৰিদয়াল মিশ্ৰ। দেখা গৈছে যে তেওঁ পূৰ্বে কৰা বেছিভাগ ভৱিষ্যৎবাণীয়েই সত্য প্ৰমাণিত হৈছে।

প্ৰাক্তন প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধী আৰু পুত্ৰ সঞ্জয় গান্ধীৰ বিষয়েও তেওঁ ভৱিষ্যৎবাণী কৰিছিল আৰু সেইবোৰ সঁচা প্ৰমাণিত হৈছিল।

অৱশ্যে, তেওঁ ইয়াৰ বাবে চিবিআইৰ এক তদন্তৰো সন্মুখীন হ’বলগীয়া হৈছিল।

এইবাৰ পুনৰ পণ্ডিত হৰিদয়াল মিশ্ৰই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিষয়ে কিছু ভৱিষ্যৎবাণী কৰিছে।

তেওঁ কৈছে যে নৰেন্দ্ৰ মোদী সদায়েই অপৰাজিত হৈ থাকিব আৰু তেওঁ কোনো নিৰ্বাচনতে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া নহয়।

জ্যোতিষীগৰাকীৰ মতে, মোদীয়ে এক দীঘলীয়া পৰিক্ৰমা সম্পূৰ্ণ কৰিব আৰু তেওঁ দীৰ্ঘদিনৰ বাবে এই চকীখনত অপৰিৱৰ্তিত হৈ বহি থাকিব।

যদিহে তেওঁৰ ভৱিষ্যৎবাণী সঁচা হয়, তেতিয়াহ’লে মোদীৰ অনুগামীসকলৰ বাবে এয়া হ’ব বহু ভাল খৱৰ।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপৰিও জ্যোতিষীগৰাকীয়ে ৰাহুল গান্ধীৰ বিষয়েও ভৱিষ্যৎবাণী কৰিছে।

তেওঁ কৈছে যে ৰাহুল গান্ধীৰ ভাল দিন চলা নাই। সেয়ে তেওঁ কিছু কাম কৰাটো ভাল হ’ব। তেওঁৰ মতে, ৰাহুল গান্ধীয়ে বৰ্তমান আৰু কিছুদিনৰ বাবে জনসাধাৰণ চৰকাৰখনৰ বিৰুদ্ধে যোৱালৈকে অপেক্ষা কৰা উচিত।

ৰাহুল গান্ধীয়ে যদি কিছুদিনৰ পাছত চৰকাৰৰ নীতিৰ বিষয়ে জনসাধাৰণৰ আগত কয় তেতিয়াহ’লে জনসাধাৰণে তেওঁৰ কথা শুনিব আৰু তেওঁৰ কথাৰ জনসাধাৰণৰ ওপৰত প্ৰভাৱ পৰিব।

উল্লেখযোগ্য যে জ্যোতিষী পণ্ডিত হৰিদয়াল মিশ্ৰই পূৰ্বতে কৰা বহুতে ৰাজনৈতিক ভৱিষ্যৎবাণী সত্য প্ৰমাণিত হৈ আহিছে।