NORTHEAST NOW (Assamese)
অসম

বড়ো চুক্তিয়ে অসমৰ একতা আৰু অখণ্ডতাক শক্তিশালী কৰিব : নৰেন্দ্ৰ মোদী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 30, 2020 4:29 pm
Narendra Modi

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বড়ো চুক্তিক অসমৰ শান্তি আৰু বিকাশৰ হকে এক ঐতিহাসিক দস্তাবেজ আখ্যা দিয়ে।

বড়ো চুক্তিক প্ৰশংসা কৰি মোদীয়ে এয়া ‘চবকা চাথ, চবকা বিকাশ আৰু চবকা বিশ্বাস’ আৰু ‘এক ভাৰত-শ্ৰেষ্ঠ ভাৰত’ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত বুলিও কয়।

‘‘দেশে পুজনীয় বাপুজীৰ পুন্য তিথি উদযাপনৰ সময়তে অসমে শান্তি আৰু বিকাশৰ ঐতিহাসিক অধ্যায়ৰ সাক্ষী হৈ ৰ’ল’’ বৃহস্পতিবাৰে টুইটাৰত প্ৰধান মন্ত্ৰীয়ে লিখে।

‘‘৫০ বছৰৰ প্ৰতীক্ষাৰ অন্তত বড়ো বন্ধু সকলে নতুন আৰম্ভণি কৰিলে। এই চুক্তিয়ে একতা আৰু বিকাশেৰে অসমক উজ্জ্বল ভবিষ্যতৰ দিশত আগবঢ়াই লৈ যাব,’’ মোদীয়ে লগতে লিখে।

বড়ো সংগঠন সমূহৰ সৈতে বড়ো চুক্তি স্বাক্ষৰ হোৱাৰ পাছতে বিজেপি চৰকাৰৰ মূল লক্ষ্য বড়ো অঞ্চল সমূহৰ বিকাশ সাধন বুলিও মোদীয়ে কয়।

আনহাতে, বড়ো অধ্যুষিত অঞ্চল সমূহৰ বিকাশৰ বাবে ১৫০০ কোটি টকাৰ বিশেষ পেকেজেৰে কাম আৰম্ভ হৈছে বুলিও নৰেন্দ্ৰ মোদীয়ে নিজৰ টুইটাৰত উল্লেখ কৰে আৰু এই কামৰ দ্বাৰ বড়ো লোক সকল লাভান্বিত হ’ব বুলি কয়।

তদুপৰি, সশস্ত্ৰ পন্থা পৰিহাৰ কৰি মূল সূতিলৈ উভতি অহা বড়ো উগ্ৰপন্থী সংগঠনৰ কেডাৰ সকলকো মোদীয়ে স্বাগতম জনাই আৰু চৰকাৰ তেওঁলোকৰ সৈতে একেলগে বড়ো অঞ্চলৰ উন্নয়নৰ বাবে কাম কৰি যোৱাৰ বাবে বদ্ধপৰিকৰ বুলি উল্লেখ কৰে।