NORTHEAST NOW (Assamese)
অসম

চেন্নাইত অসমৰ যুৱকক হত্যা; ছয়গৰাকীক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 31, 2020 3:27 pm
Assam-youth-killed-in-Chennai-750x375

চেন্নাইত অসমৰ এজন যুৱকক হত্যা কৰাৰ অভিযোগত চেন্নাই আৰক্ষীয়ে ছয় গৰাকী লোকক গ্ৰেপ্তাৰ কৰে।

চেন্নাইত হত্যাৰ বলি হোৱা অসমৰ যুৱকজন গোলাঘাট জিলাৰ খুমটাইৰ ৩৭ বছৰীয়া বীৰেণ কুৰ্মি বুলি চিনাক্ত কৰা হৈছে।

২০১৬ চনত চেন্নাইলৈ যোৱা কুৰ্মিয়ে এটা ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰিছিল।

বুধাবাৰে জঘন্য হত্যাকাণ্ডৰ ঘটনাটো সংঘটিত হৈছিল য’ত কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ যোৱা অসমৰ যুৱকজনে প্ৰাণ হেৰুৱায়।

জানিব পৰা মতে, ৩০ জানুৱাৰিত নিজৰ গৃহ ৰাজ্যলৈ উভতি অহাৰ পৰিকল্পনা কৰা যুৱকজনে প্ৰতিষ্ঠানটোত কাম কৰা নিজৰ সহকৰ্মীৰ হাততে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল।

হত্যাকাণ্ডৰ পাছতে চেন্নাই আৰক্ষীয়ে ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত ছয়গৰাকী লোকক আটক কৰা বুলি অসমৰ দুৰ্ভগীয়া যুৱকজনৰ পৰিয়ালৰ লোকক জানিবলৈ দিছে।

নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ তথ্য অনুসৰি ২০১৮ চনত দেশৰ মেট্ৰ’ চহৰ সমূহৰ ভিতৰত চেন্নাইত তৃতীয় সৰ্বাধিক হত্যাকাণ্ড সংঘটিত হৈছিল।