NORTHEAST NOW (Assamese)
অসম

মেঘালয়ত ৩ ফেব্ৰুৱাৰিৰ পৰা ‘নৱম সম্প্ৰিতি’ শীৰ্ষক ভাৰত-বাংলাদেশৰ যুটীয়া সামৰিক অনুশীলন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 31, 2020 2:58 pm
drill

মেঘালয়ৰ ৰিভ’ই জিলাৰ উমৰোইত ৩ ফেব্ৰুৱাৰিৰ পৰা ভাৰত আৰু বাংলাদেশৰ মাজত ১৪ দিনীয়া নৱম সম্প্ৰতি শীৰ্ষক যুটীয়া সামৰিক অনুশীলন আৰম্ভ হ’ব।

ভাৰত আৰু বাংলাদেশৰ মাজৰ সামৰিক সহযোগিতাৰ অংশস্বৰূপে এই সামৰিক অনুশীলন অনুষ্ঠিত হ’ব বুলি সেনাৰ তৰফৰ পৰা সদৰি কৰা হয়।

দুয়োখন দেশৰ সেনা বাহিনীৰ মাজত সামৰিক অনুশীলনৰ উপৰিও সামৰিক বিশ্বাস আৰু সহযোগিতাৰ লগতে সাংস্কৃতিক বুজাপৰাৰ বাবে বিভিন্ন কাৰ্য্যক্ৰম অনুষ্ঠিত হ’ব।

যুটীয়া সামৰিক অভিযানত কমন পোষ্ট অনুশীলন (চিপিএক্স)আৰু ফিল্ড ট্ৰেইনিং অনুশীলনো (এপটিএক্স) অনুষ্ঠিত কৰা হ’ব বুলি সেনা বাহিনীৰ সূত্ৰত প্ৰকাশ।

সামৰিক অনুশীলনৰ দুয়োটা অংশতে দুয়োখন দেশৰ সেনাবাহিনীয়ে ৰাষ্ট্ৰসংঘৰ নীতি অনুসৰি সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ প্ৰশিক্ষণ গ্ৰহণ আৰু অনুশীলন কৰিব।

সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ উপৰিও ভাৰত আৰু বাংলাদেশৰ সেনাবাহিনীয়ে পৰম্পৰাগত যুদ্ধৰ অনুশীলনতো অংশ ল’ব।