NORTHEAST NOW (Assamese)
অসম

কা বিৰোধী আন্দোলনত সক্ৰিয় অংশ লোৱা কণ্ঠশিল্পী ৰাজীৱ শদিয়াক আক্ৰমণ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 31, 2020 2:00 pm
Capture

বৃহস্পতিবাৰে নিশা বগীবিল দলঙৰ সমীপত এটা অচিনাক্ত দুৰ্বৃত্তৰ দলে কণ্ঠশিল্পী ৰাজীৱ শদিয়াক আক্ৰমণ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ধেমাজি জিলাৰ চিনে চাপৰিৰ পৰা আহি থকা অৱস্থাত সংঘটিত আক্ৰমণটোত কণ্ঠশিল্পী গৰাকীৰ লগতে কেইবাজনো বাদ্য যন্ত্ৰী আঘাতপ্ৰাপ্ত হৈছে।

কণ্ঠশিল্পী গৰাকীয়ে সংবাদ মাধ্যমক জানিব দিয়া অনুসৰি, ‘প্ৰায় ১২ জন মান লোকৰ এটা দুৰ্বৃত্তৰ দলে কুলজান অঞ্চলৰ সমীপত আমাৰ গাড়ী আগভেটি ধৰি আক্ৰমণ কৰে। এই ঘটনাটোত মোৰ এজন বাদ্য যন্ত্ৰী বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছে আৰু তেওঁক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে’।

সংগীত শিল্পীৰ দলটোক শাৰিৰীকভাৱে আক্ৰমণ কৰাৰ উপৰি দুৰ্বৃত্তৰ দলটোৱে বাহনখনৰো যথেষ্ট ক্ষতিসাধন কৰে।

অৱশ্যে ঘটনা সংক্ৰান্তত কণ্ঠশিল্পী ৰাজীৱ শদিয়াই আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰা বুলিও জানিবলৈ দিয়ে।

উল্লেখ্য যে জাতিধংসী নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি অহাৰ বাবেই শিল্পীগৰাকীয়ে এনেধৰণৰ আক্ৰমণৰ সন্মুখীন হ’ব লগীয়া হোৱা বুলি বিভিন্ন জনে সন্দেহ প্ৰকাশ কৰিছে।