NORTHEAST NOW (Assamese)
অসম

কাজিৰঙাত কৰবেট ফাউণ্ডেচনৰ উদ্যোগত বিশ্ব জলাশয় দিৱস পালন

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া February 2, 2020 8:04 pm

প্ৰতি বছৰৰ ২ ফেব্ৰুৱাৰীত সমগ্ৰ বিশ্বতে বিশ্ব জলাশয় দিৱস পালন কৰা হয়। কাজিৰঙাতো আজি কৰবেট ফাউণ্ডেচন নামৰ সংগঠনটোৰ উদ্যোগত বিশ্ব জলাশয় দিৱস পালন কৰা হয়।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ সহযোগত উদ্যানৰ সমীপৱৰ্তী এক গুৰুত্বপূৰ্ণ জলাশয়ৰ পাৰত অঞ্চলটোৰ ৰাইজ, ছাত্ৰ-ছাত্ৰী, গৱেষক, মহিলা গোটৰ সদস্য আৰু পঞ্চায়ত প্ৰতিনিধি সমবেত হৈ জলাশয়ৰ গুৰুত্ব আৰু সংৰক্ষণৰ ওপৰত আলোচনা কৰে।

অনুষ্ঠানত সমবেত ছাত্ৰ-ছাত্ৰীয়ে বিশেষজ্ঞৰ সহযোগত জলাশয়ত ৩৮ টা প্ৰজাতিৰ পক্ষী প্ৰত্যক্ষ কৰে। অনুষ্ঠানত উপস্থিত থাকি কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰে ছাত্ৰ-ছাত্ৰীক জলশয়ৰ গুৰুত্ব আৰু জৈৱতন্ত্ৰত জলাশয়ৰ ভূমিকাৰ ওপৰত বাখ্যা দাঙি ধৰে।

কৰবেট ফাউণ্ডেচনৰ হৈ নবীন পাণ্ডেই জলাশয়ৰ সংকোচন, জলবায়ুৰ পৰিৱৰ্তনে পেলোৱা প্ৰভাৱ আৰু জলশায় বোৰত অপতৃৰণৰ অগ্ৰাসন আৰু ক্ষতিৰ বিষয়ে আলোকপাত কৰে। অগৰাতলি বনাঞ্চলৰ বনাঞ্চলিক বিষয়া বিদ্যুত বিকাশ বৰাৰ উপৰিও প্ৰকৃতিবিদ মনোজ গগৈ, পলাশ বৰা, দিব্যজ্যোতি শইকীয়া আৰু যদুমনি গোস্বামীয়ে ছাত্ৰ-ছাত্ৰীৰ লগত বাৰ্তালাপ কৰাৰ লগতে পক্ষী নিৰীক্ষণৰ বহু কৌশল শিকায়।