NORTHEAST NOW (Assamese)
অসম

ধেমাজিত কা-বিৰোধী প্ৰতিবাদী সভাত বিপুল জনতাৰ অংশগ্ৰহণ; অখিল গগৈৰ মুক্তিৰ দাবী

Posted by: প্ৰফুল্ল কামান Updated by: প্ৰফুল্ল কামান February 4, 2020 6:41 pm
Dhemaji Anti-CAA

ধেমাজিত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু তাই আহোম ছাত্ৰ সন্থাৰ ধেমাজি গোট আৰু অন্যান্য কা-বিৰোধী গোটবোৰে লগ লাগি উলিওৱা কা-বিৰোধী প্ৰতিবাদী সভাত বিপুল সংখ্যক নাগৰিকে অংশগ্ৰহণ কৰে।

“ধেমাজি বিক্ষোভ” নামেৰে জিলাখনৰ কছাৰী ময়দানত অনুষ্ঠিত এই প্ৰতিবাদী সভাত “কা” বাতিল কৰাৰ লগতে কৃষক মুক্তিৰ বন্দী নেতা অখিল গগৈৰ মুক্তিৰ দাবী তোলা হয়।

প্ৰতিবাদী সভাখনত জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞাই অংশগ্ৰহণ কৰি বক্তৃতা প্ৰদান কৰে।

সাংবাদিক ভূঞাই কয় যে কা-ৰ জৰিয়তে বিজেপিৰ চৰকাৰখনে অবৈধ নাগৰিকক নাগৰিকত্ব দি খিলঞ্জীয়া লোকৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচিছে।

“সৰ্বানন্দ সোণোৱালৰ দৰে নেতাই অসমৰ জনগণক প্ৰতাৰণা কৰিছে। বছৰত ২ কোটিকৈ নিযুক্তি দিয়া আৰু অবৈধ বাংলাদেশী খেদাৰ প্ৰতিশ্ৰুতি আগ বঢ়োৱা বিজেপি এতিয়া সম্পূৰ্ণ ব্যৰ্থ। বিজেপিয়ে কূটকৌশল কৰি কা-বিৰোধী আন্দোলনক মষিমূৰ কৰিব খুজিছে”, ভূঞাই কয়।

পৰৱৰ্তী নিৰ্বাচনত বিজেপিক উৎখাত কৰিবলৈও আহ্বান জনায় জ্যেষ্ঠ সাংবাদিকজনে।

Dhemaji Anti-CAA
ধেমাজিত কা-বিৰোধী প্ৰতিবাদী সভাত সাংবাদিক অজিত ভূঞা আৰু আনসকল।

ফিল্ম ফেয়াৰ বঁটা প্ৰদান অনুষ্ঠান পাতি চৰকাৰে মানুহৰ মনোযোগ কা-বিৰোধী প্ৰতিবাদৰ পৰা আঁতৰাই নিবলৈ চেষ্টা কৰা বুলিও অভিযোগ কৰে সাংবাদিক ভূঞাই।

প্ৰতিবাদী সভাখনত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে কয়, খিলঞ্জীয়া অসমীয়াৰ নৃগোষ্ঠীয় পৰিচয় নিঃশেষ কৰাৰ বাবে বিজেপি চৰকাৰখনে ষড়যন্ত্ৰ ৰচিছে।

চাংমায়ে ৰাজ্যখনৰ বাবে ইনাৰ লাইন পাৰ্মিট প্ৰৱৰ্তনৰো দাবী কৰে। আই পি এল পদ্ধতিৰ বাদে অসমৰ খিলঞ্জীয়া মানুহৰ বাবে অন্য উপায় নাই বুলি চাংমাইৰ দাবী।

জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰ, কৃষক মুক্তিৰ উপদেষ্টা লুচন শ্যাম গোহাঁই, আটাছুৰ নেতা নিতুল বুঢ়াগোহাঁই, ছাত্ৰ মুক্তিৰ নেতা দেৱব্ৰত শইকীয়া আৰু অন্যান্য নেতাসকলেও প্ৰতিবাদী সভাখনত অংশগ্ৰহণ কৰে।

প্ৰতিবাদকাৰীসকলে “কা বাতিল কৰক”, “অখিল গগৈক মুক্তি দিয়ক” আদি শ্ল’গান লিখা প্লেকাৰ্ড প্ৰদৰ্শন কৰে।