NORTHEAST NOW (Assamese)
অসম

তেল চুৰিৰ সময়তে বোকাজানত ৰখাই থোৱা অইল টেংকাৰত জুই

Posted by: নংগী তেৰাং Updated by: নংগী তেৰাং February 4, 2020 7:24 pm
Parking lot fire

তেল চুৰি চক্ৰই তেল চুৰি কৰাৰ সময়তে আজি বোকাজানৰ খটখটীত থকা সতীশ পাৰ্কিঙত ৰখাই থোৱা অইল টেংকাৰ দপদপকৈ জ্বলি উঠে।

দিনৰ প্ৰায় ১ বজাত সংঘটিত ঘটনাটোত টেংকাৰখন সম্পূৰ্ণৰূপে জুয়ে গ্ৰাস কৰে।

অগ্নি নিৰ্বাপক বাহিনী আহি সময়ত উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয় আৰু কাষতে থকা আন কেইবাখনো ট্ৰাকলৈ জুই বিয়পাৰ পৰা ৰক্ষা কৰে।

অভিযোগ মতে, উক্ত পাৰ্কিং স্থানটো তেল চুৰিৰ বাবে কুখ্যাত আৰু ইয়াত অইল টেংকাৰত জুই লগাৰ এইটো দ্বিতীয় ঘটনা।

এটা সূত্ৰৰ দাবী, খটখটী আৰক্ষী থানাৰ অধীনত এনেকুৱা কেইবাটাও পাৰ্কিং স্থান আছে, য’ত অইল টেংকাৰৰ পৰা নিময়ীয়াকৈ তেল চুৰিৰ ঘটনা ঘটে।

থানাখনৰ অন্তৰ্গত বিভিন্ন পাৰ্কিং স্থানত থকা অইল টেংকাৰত জুই লগাৰ ঘটনা ১২ মাহৰ ভিতৰত এইটো চতুৰ্থ।

আৰক্ষীয়ে ঘটনাস্থলী পৰিদৰ্শন কৰি কাৰিকৰী কাৰণতহে অগ্নিকাণ্ডৰ ঘটনাটো ঘটে বুলি মন্তব্য কৰে।

স্থানীয় লোকৰ অভিযোগ, এই স্থানত টেংকাৰৰ পৰা তেল চুৰি হোৱাৰ উপৰি বিভিন্ন অসামাজিক কামকাজ চলি থাকে। দেহ ব্যৱসায়, ড্ৰাগছৰ বেহা আৰু চুৰি গাড়ী চুবুৰীয়া ৰাজ্য নাগালেণ্ডলৈ সৰবৰাহ তাৰ ভিতৰত অন্যতম।