NORTHEAST NOW (Assamese)
অসম

জৱাহৰলাল নেহৰুৱে গোপীনাথ বৰদলৈ লৈ লিখা চিঠিৰ প্ৰসংগৰে সংসদত ‘কা’ৰ প্ৰসংগ উত্থাপন প্ৰধান মন্ত্ৰী মোদীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 6, 2020 5:30 pm
modi

আজি লোকসভাত দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নাগৰিকত্ব(সংশোধন)আইন সন্দৰ্ভত মন্তব্য কৰে।

নাগৰিকত্ব(সংশোধন)আইন সম্পৰ্কে মন্তব্য কৰি নৰেন্দ্ৰ মোদীয়ে অসমৰ প্ৰসংগও উত্থাপন কৰে।

গান্ধী আৰু লিয়াকত চুক্তিৰ পাছত সেইসময়ৰ দেশৰ প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুৱে অসমৰ মুখ্য মন্ত্ৰী গোপীনাথ বৰদলৈ লৈ লিখা এখন চিঠিৰ প্ৰসংগ উল্লেখ কৰে মোদীয়ে লোকসভাত।

‘‘আপুনি পূব পাকিস্তানৰ পৰা অহা শৰণাৰ্থী আৰু মুছলমান অনুপ্ৰবেশকাৰীৰ মাজৰ পাৰ্থ্যক্য বুজিব লাগিব-জৱাহৰলাল নেহৰু,’’ সংসদত প্ৰধান মন্ত্ৰী মোদীয়ে জৱাহৰলাল নেহৰুৰ চিঠিৰ উদ্ধৃতি দি এনেদৰে কয়।

আনহাতে, সেই সময়ত জৱাহৰলাল নেহৰুৱে প্ৰয়োজন হ’লে আইন সলনি কৰি হলেও পাকিস্তানৰ পৰা অহা শৰনাৰ্থী সকলক ভাৰতত নাগৰিকত্ব প্ৰদান কৰিব লাগিব বুলি কৈছিল বুলিও মোদীয়ে সংসদত তথ্য দাঙি ধৰে।

মোদীয়ে নাগৰিকত্ব(সংশোধন)আইনে দেশত সংখ্যাগুৰু, সংখ্যালঘু কোনো প্ৰকাৰৰ লোকক অসুবিধাত নেপেলাই বুলিও লগতে কয়।

মোদীয়ে গান্ধী-লিয়াকত চুক্তিত পণ্ডিত নেহেৰুৱে সকলো প্ৰকাৰৰ নাগৰিক শব্দটো ব্যৱহাৰ নকৰি কিয় সংখ্যালঘু শব্দটো ব্যৱহাৰ কৰিছিল বুলি প্ৰশ্ন কৰি তেওঁ সাম্প্ৰদায়িক আছিল নে ৰাষ্ট্ৰবিৰোধী আছিল বুলি কয়।

দেশৰ বৰ্তমান পৰিস্থিতিৰ বাবে কংগ্ৰেছ আৰু বামপন্থী শক্তিক জগৰীয়া কৰি প্ৰধান মন্ত্ৰীয়ে কংগ্ৰেছ আৰু বামপন্থীক সমালোচনা কৰে।

দেশত সংবিধান বচোৱাৰ কথা কোৱা কংগ্ৰেছে ইমান দিনে জম্মু-কাশ্মীৰত কিয় ভাৰতৰ সংবিধান অনুসৰি ন্যায় দিব পৰা নাছিল বুলিও মোদীয়ে কয়।