NORTHEAST NOW (Assamese)
অসম

৬ বছৰীয়া নাবালিকাৰ ওপৰত যৌন নিৰ্যাতনৰ অভিযোগ; নগাঁৱত উত্তপ্ত পৰিস্থিতি

Posted by: ভাৰ্গব হাজৰিকা Updated by: ভাৰ্গব হাজৰিকা February 8, 2020 9:08 pm

নগাঁও জিলাৰ এটা পুৰণিগুদামত শনিবাৰে বিয়লি এগৰাকী কণমানি নাবালিকা এজন ৫০ বছৰ ঊৰ্ধ্বৰ ব্যক্তিৰ কামনাৰ বলি হ’বলগীয়া হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

অভিযুক্ত ব্যক্তিজনক পুতুল আলী বুলি চিনাক্ত কৰা হৈছে।

স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে পুতুল আলী নামৰ ব্যক্তিজনে ভুক্তভোগী ৬ বছৰীয়া নাবালিকা গৰাকীক টেঙা খোৱাম বুলি কৈ নিজৰ ঘৰলৈ মাতি আনি অসৎ কাৰ্য্য চৰিতাৰ্থ কৰিছিল।

পিছত ঘটনাৰ বিষয়ে অৱগত হৈ ক্ষুব্ধ হৈ উঠা স্থানীয় ৰাইজে অভিযুক্ত ব্যক্তিজনক বান্ধি চেণ্ডেলৰ মালা পিন্ধোৱাৰ লগতে ঘটনাস্থলীত উপস্থিত হোৱা পুৰণিগুদাম পহৰা চকীৰ আৰক্ষীক গতাই দিয়ে।

ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলটোত বাতৰি যুগুত কৰা সময়লৈকে উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰি থকাৰ লগতে অভিযুক্ত ব্যক্তিজনক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ বাবে ৰাইজে দাবী জনায়।