NORTHEAST NOW (Assamese)
অসম

দিল্লী নিৰ্বাচনৰ Exit Poll : “আপ” অপ্ৰতিৰোধ্য; কেজৰিৱাল তৃতীয়বাৰৰ বাবে হ’ব মুখ্য মন্ত্ৰী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 8, 2020 8:34 pm
Arvind-Kejriwal-750x375

আজি ভোটগ্ৰহণ সম্পন্ন হোৱা দিল্লী বিধানসভাৰ নিৰ্বাচন-পৰৱৰ্তী সমীক্ষা (Exit Poll)-ত প্ৰায়বোৰ সমীক্ষকেই কেজৰিৱালৰ আম আদমি পাৰ্টি, অৰ্থাৎ “আপ”ক অপ্ৰতিৰোধ্য হিচাপে ৰাখিছে।

ফলত বৰ্তমানৰ মুখ্য মন্ত্ৰী অৰবিন্দ কেজৰিৱাল ৭০খন আসন থকা কেন্দ্ৰশাসিত অঞ্চলটোৰ তৃতীয়বাৰৰ বাবে মুখ্য মন্ত্ৰী হোৱাৰ সম্ভাৱনা স্পষ্ট হৈ পৰিছে।

আনহাতে বৰ্তমান মাত্ৰ ৩জন বিধায়ক থকা বিজেপিৰ উল্লেখনীয় উত্থান দেখা গৈছে সমীক্ষাবোৰত।

বিপৰীতে কংগ্ৰেছৰ অৱস্থা পূৰ্বৰ দৰেই শোচনীয় হোৱাৰ সম্ভাৱনাই দেখা দিছে।

দেশৰ আগশাৰীৰ কেইবাটাও সংবাদ প্ৰতিষ্ঠানৰ চলোৱা সমীক্ষাবোৰৰ কিছুমান তলত দিয়া হ’ল-

  • NDTV- আপ- ৫২, বিজেপি+ ১৭,  কংগ্ৰেছ- ১
  • ৰিপাব্লিক টিভি-জন কি বাত- আপ-৪৮-৬১, বিজেপি+ ৯-২১, কংগ্ৰেছ- ০-১
  • টাইমচ নাও-IPSOS- আপ- ৪৭, বিজেপি+ ২৩, কংগ্ৰেছ- ০
  • INDIA NEWS NATION- আপ- ৫৫, বিজেপি+ ২৬, কংগ্ৰেছ- 0

উল্লেখ কৰিব পাৰি যে পাঁচ বছৰ পূৰ্বে কেজৰিৱালৰ দলটোৱে ৭০খন আসনৰ ৬৭খন আসনেই দখল কৰি ক্ষমতালৈ আহিছিল।

যোৱা ৫ বছৰত অৰবিন্দ কেজৰিৱালে দিল্লীত দৃষ্টান্তমূলক আৰু চকুত লগাকৈ উন্নয়ন কৰিছে, যিটো আন দলৰ বাবে ঢাকি ৰখাটো সম্ভৱ নহয়।