NORTHEAST NOW (Assamese)
Popular Stories

শিৱসাগৰ সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে ‘কা’ বিৰোধী শক্তিক একত্ৰিত হ’বলৈ আহ্বান ৰিপুন বৰাৰ

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ February 9, 2020 3:48 pm

আজি অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ শিৱসাগৰ সমষ্টিৰ বিধায়ক প্ৰয়াত প্ৰণৱ কুমাৰ গগৈৰ ঘৰত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ এটা সজাতি দল উপস্থিত হয়।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাসহ এটি সজাতি দলে শিৱসাগৰ নগৰৰ ৰেডক্ৰচ ৰোডত থকা গগৈৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গক দেখা কৰি সমবেদনা জ্ঞাপন কৰাৰ লগতে প্ৰয়াত নেতাজনৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনায়।

আনহাতে বিধায়কগৰাকীৰ মৃত্যুত খালী হৈ পৰা শিৱসাগৰ বিধানসভা সমষ্টিৰ আসনখনৰ বাবে হ’বলগীয়া উপ নিৰ্বাচন অত্যন্ত গুৰুত্বপূৰ্ণ হ’ব বুলি মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে।

বৰাই কয়, ‘প্ৰণৱ গগৈৰ মৃত্যুত আমি অতি দুখিত। তেওঁৰ মৃত্যুত খালি হোৱা শিৱসাগৰ সমষ্টিৰ উপ নিৰ্বাচন অসম নহয় ভাৰতৰ বাবেই গুৰুত্বপূৰ্ণ। যিহেতু সমগ্ৰ ভাৰতৰ লগতে ‘কা’ৰ বিৰোধিতাৰে অসমতো তীব্ৰ আন্দোলন গঢ়ি উঠিছে। ৰাজনৈতিক দল হিচাপে আন আন সংগঠনৰ লগত কংগ্ৰেছ দলে সন্মুখৰ পৰা ‘কা’ৰ বিৰুদ্ধে নেতৃত্ব লৈ আহিছে।’

‘কা’ বিৰোধী সকলো অনুষ্ঠান প্ৰতিষ্ঠান, আছু, শিল্পীসমাজ, আন আন জাতীয় সংগঠনে দল মত পৰিহাৰ কৰি জাতীয় স্বাৰ্থত, সংবিধানৰ স্বাৰ্থত একত্ৰিত হৈ এগৰাকী প্ৰাৰ্থী নিৰ্বাচন কৰি উপ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাব লাগে বুলি উল্লেখ কৰি তেওঁ এইক্ষেত্ৰত কংগ্ৰেছ দলে পূৰ্ণ সহযোগীতা আগবঢ়াব বুলি কয়।