NORTHEAST NOW (Assamese)
অসম

তামুলপুৰত টেম্প’ আৰু চুইফ্ট ডিজায়াৰৰ মাজত মুখামুখি সংঘৰ্ষ; মহিলাসহ ৮ গৰাকী আহত

Posted by: দীপক কুমাৰ পাঠক Updated by: দীপক কুমাৰ পাঠক February 9, 2020 7:13 pm

বাক্সা জিলাৰ তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ৰঙিয়া-তামুলপুৰ-ভূটান সংযোগী পথৰ বৰখোপাত আজি সংঘটিত এক ভয়াৱহ পথ দুৰ্ঘটনাত মহিলাসহ ৮ গৰাকীকৈ ব্যক্তি আহত হয়, ইয়াৰে ৩জনৰ অৱস্থা গুৰুতৰ।

জানিব পৰা মতে আজি আবেলি বৰখোপাৰ পেট্ৰলৰ পাম্পৰ সন্মুখত ৰঙিয়াৰ পৰা তামুলপুৰ হৈ কুমাৰীকাটা অভিমুখে গৈ থকা এ এছ ২৮ চি ৬২৭২ নম্বৰৰ এখন টেম্প’ আৰু এ এছ ০১ ডি আৰ ০৯৪৩ নম্বৰৰ এখন চুইফ্ট ডিজায়াৰৰ মাজত মুখামুখি সংঘৰ্ষ লাগে।

দুৰ্ঘটনাটোত টেম্প’খনত থকা দ্বাৰকুছিৰ সুদামচা বড়ো (২৭), জলপাইগুৰীৰ প্ৰতিমা সৰকাৰ (২৩), পাৰুল সৰকাৰ (৪৫), গাৰোঘুটুৰ নাৰায়ন দাস (৩৮), বিজয় দাস (৪৫), অমূল্য দাস (৪৩), বিনয়াপুৰৰ টিকেন পাল (৩৫) আৰু নগাঁও কামপুৰৰ  দিপীকা নাগ (২২) আহত হয়।

আনহাতে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতেই চুইফ্ট ডিজায়াৰখনৰ চালকগৰাকীয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

পিছত স্থানীয় লোক আৰু তামুলপুৰ আৰক্ষীৰ সহযোগত আহতসকলক ততালিকে তামুলপুৰ প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ লগতে ইয়াৰে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত সুদামচা বড়ো, দিপীকা নাগ আৰু প্ৰতিমা সৰকাৰক উন্নত চিকিৎসাৰ বাবে GMCHলৈ প্ৰেৰণ কৰা হয়।