NORTHEAST NOW (Assamese)
অসম

নীলোৎপল-অভিজিত হত্যাকাণ্ড : বিশ্বনাথত সৰ্বধৰ্ম প্ৰাৰ্থনা যুৱ মঞ্চ-‘আস্থা আৰু সাৰথি’ৰ

Posted by: কাজি জেইদুল ইছলাম June 19, 2018 6:05 pm
নীলোৎপল-অভিজিত হত্যাকাণ্ড : বিশ্বনাথত সৰ্বধৰ্ম প্ৰাৰ্থনা যুৱ মঞ্চ-‘আস্থা আৰু সাৰথি’ৰ

কাৰ্বি আলং জিলাৰ ডকমকাত ৰাইজৰ মাৰত নিহত হোৱা অভিজিত-নীলোৎপলৰ আদ্যশ্ৰাদ্ধ উপলক্ষে বিশ্বনাথ জিলা আদালতৰ সন্মুখৰ ‘বীৰভূমি’ প্ৰাঙ্গণত আজি ১৯ জুনত বিশ্বনাথ সন্মিলিত যুৱ মঞ্চই আস্থা আৰু সাৰথি ঐক্য মঞ্চৰ সহযোগত এক সৰ্বধৰ্ম প্ৰাৰ্থনা সভাৰ আয়োজন কৰে।

হত্যাকাণ্ডটো কেৱল সোপাধৰাৰ অপপ্ৰচাৰৰ বাবেই সংঘটিত হোৱা নাই বুলি দাবী কৰি সংগঠনকেইটাই সোপাধৰাৰ গইনা লৈ কোনো এক ন্যস্ত স্বাৰ্থজড়িত মহলে অতি সু-পৰিকল্পিতভাৱে এই হত্যা কৰা বুলি মন্তব্য কৰে।

হত্যাকাণ্ডটোৰ নিৰপেক্ষ, খৰতকীয়া, স্বচ্ছ বিচাৰ আৰু হত্যাকাৰীসকলৰ কঠোৰ শাস্তিৰ বাবে চি বি আই তদন্তৰ দাবীৰে দুয়োটা সংগঠনে বিশ্বনাথ জিলাৰ উপায়ুক্তৰ জৰিয়তে ৰাষ্ট্ৰপতি, প্ৰধান মন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীলৈ পৃথকে-পৃথকে স্মাৰক পত্ৰ প্ৰদান কৰে।