NORTHEAST NOW (Assamese)
অসম

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ গৃহ সমষ্টিৰ শুৱালকুছিত ইউনিফৰ্ম কেলেংকাৰী: কাপোৰ নহয় যেন কাগজৰ টুকুৰাহে!

Posted by: মৃদুল প্ৰীতম ডেকা,হাজো Updated by: মৃদুল প্ৰীতম ডেকা,হাজো November 22, 2021 2:02 pm

শুৱালকুছিৰ এখন বিদ্যালয়ত আজৱ ঘটনা! দশম শ্ৰেণীৰ শিক্ষাৰ্থীক বিদ্যালয়ৰ পৰা উলিয়াই দিলে প্ৰধান শিক্ষকে।

ঘটনাৰ কাৰণ শুনিলে আপোনাৰো চকু থৰ লাগিব। শুৱালকুছিত ইউনিফৰ্ম যোগানৰ নামত সংঘটিত হৈছে বৃহৎ দুৰ্নীতি ।

ছাত্ৰ ছাত্ৰীক প্ৰদান কৰা হৈছে ফটা ইউনিফৰ্ম। কাপোৰ নহয় যে কাগজ হে। সামান্য লাৰিলে ফাটি যায় চৰকাৰী ইউনিফৰ্ম।

ক’ভিড মহামাৰীয়ে দুটা বছৰৰ শিক্ষাৰ্থীৰ ভৱিষ্যত অন্ধকাৰ কৰাৰ পাছত এতিয়া বিদ্যালয়ত পাঠদান আৰম্ভ হৈছে।
মেট্ৰিক পৰীক্ষালৈ মাত্ৰ দুটা মাহ।

এনে সময়তে পাঠদানৰ পৰা বঞ্চিত কৰা হল এইসকল শিক্ষাৰ্থীক। শুৱালকুছিৰ গণেশ দাস হাইস্কুলত সংঘটিত হৈছে এই ঘটনা।

ঘটনাৰ কাৰণ শিক্ষাৰ্থীৰ ইউনিফৰ্ম। ইউনিফৰ্ম যোগানকাৰীৰ দুৰ্নীতিৰ ফল ভুগিছে ছাত্ৰ ছাত্ৰীয়ে।

ইউনিফৰ্মৰ নামত শিক্ষার্থীক যোগান ধৰা হৈছে নিম্নমানৰ কাপোৰ।

পৰিধান কৰিলেই দেহৰ ভিন্ন অংশত মেলে ফাট। ফটা ইউনিফৰ্ম পিন্ধি কি দৰে বিদ্যালয়লৈ আহিব শিক্ষাৰ্থী।

পুৰণি ইউনিফৰ্ম পিন্ধি বিদ্যালয়লৈ আহোঁতে শ্ৰেণী কোঠাৰ পৰা উলিয়াই দিলে শিক্ষাৰ্থীক।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ গৃহ সমষ্টিৰ শুৱালকুছিত সংঘটিত এই ইউনিফৰ্ম কেলেংকাৰীয়ে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

গণেশ দাস হাইস্কুলৰ প্ৰধান শিক্ষক শ্যাম সুন্দৰ গোস্বামীৰ ভূমিকাক লৈ অভিভাৱকৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

অভিযোগ অনুসৰি চৰকাৰে যোগান ধৰিছে নিম্নমানৰ ইউনিফৰ্ম।

ইমানৰ পিছতো কিন্তু কিয় পাঠদানৰ পৰা বঞ্চিত লবলগীয়া হল ছাত্ৰ ছাত্ৰী। ছাত্ৰ ছাত্ৰীৰ মূল্যৱান সময় এতিয়া কোনে ওভতাই দিব?