NORTHEAST NOW (Assamese)
Popular Stories

অসমৰ খিলঞ্জীয়া মুছলমানৰ জনসংখ্যা নিৰূপণৰ বাবে চৰকাৰে চলাব জৰীপ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 11, 2020 1:22 pm
Population-survey

অসমৰ খিলঞ্জীয়া মুছলমানৰ জনসংখ্যা নিৰূপণৰ বাবে ৰাজ্য চৰকাৰে অতি শীঘ্ৰে এক জৰীপ চলোৱাৰ সম্ভাৱনাই দেখা দিছে।

এক সূত্ৰৰ পৰা জানিব পৰা মতে, অসমৰ সংখ্যালঘু কল্যাণ মন্ত্ৰী ৰঞ্জিত দত্তই অলপতে গৰিয়া, মৰিয়া, দেশী আৰু চাহ জনজাতিৰ জলাহ সম্প্ৰদায়ৰ সৈতে এই সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছিল।

নিজকে খিলঞ্জীয়া বুলি দাবী কৰা অহা এই চাৰিটা সম্প্ৰদায়ৰ মাজতে জৰীপ চলোৱা হ’ব বুলি জানিব পৰা গৈছে।

সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষ মমিনুল আৱালে এই সন্দৰ্ভত কয়, ‘অসমত মুছলমান জনসংখ্যা প্ৰায় ১.৩ কোটি আৰু তাৰ ভিতৰত ৯০ লাখ বাংলাদেশী মূলৰ। বাকী ৪০ লাখ বিভিন্ন জনজাতিৰ আৰু তেওঁলোকক চিনাক্ত কৰাৰ প্ৰয়োজনীয়তা আছে’।

জনগোষ্ঠীয় সমন্বয় পৰিষদ অসমৰ আহ্বায়ক আৱালে কয় যে খিলঞ্জীয়া সকলক চিনাক্ত কৰিব নোৱাৰাৰ বাবেই তেওঁলোকে চৰকাৰৰ কল্যাণকামী আঁচনি সমূহৰ লাভ গ্ৰহণ কৰিব পৰা নাই।

উল্লেখ্য যে অসম চুক্তিৰ ৬ নং দফা অনুসৰি খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষিত তথা সুনিশ্চিত কৰাৰ বাবে চৰকাৰে গঠন কৰি দিয়া উচ্চস্তৰীয় সমিতিৰ তৎপৰতাৰ সময়তে চৰকাৰে খিলঞ্জীয়া মুছলমানৰ সমীক্ষা চলোৱাৰ কথা চিন্তা-চৰ্চা কৰিছে।

আৱালে লগতে কয়, ‘এন আৰ চিত বহু বাংলাদেশীৰ নাম অন্তৰ্ভুক্ত হৈছে। সেইখনক আমি ভিত্তি কৰিব নোৱাৰো। যদি আজি আমি একো ব্যৱস্থা নলও তেন্তে অসমৰ সকলো জনজাতি এদিন নাইকিয়া হৈ পৰিব’।

উল্লেখ্য যে আৱালে ২০১৫ চনতে তেতিয়াৰ গৃহ মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰি অসমত এনেধৰণৰ এটা সমীক্ষা চলোৱাৰ বাবে অনুৰোধ জনাইছিল।

অসমত প্ৰকৃত খিলঞ্জীয়া মুছলমানৰ সংখ্যা নিৰূপণৰ বাবে চলাবলগীয়া জৰীপৰ বাবে ৰেজিষ্টাৰ জেনেৰেল অব ইণ্ডিয়াৰ পৰা অনুমোদনৰ বাবে ৰাজ্য চৰকাৰক অনুৰোধ জনাব বুলিও মমিনুল আৱালে কয়।

এই সন্দৰ্ভত কয়, ‘আৰ জি আইৰ অনুমোদন অবিহনে এই সমীক্ষা আইনসংগত নহ’ব’।