NORTHEAST NOW (Assamese)
অসম

দিল্লীৰ নিৰ্বাচনী ফলাফল : অমিত শ্বাহৰ পোষ্টাৰ জোকাৰি আপ কৰ্মীয়ে সুধিছে-শ্বক্ লাগিলনে?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 11, 2020 2:31 pm
amit_shah_1581405939_618x347 new

দিল্লী বিধানসভাৰ নিৰ্বাচনী ফলাফলত আকৌ এবাৰ চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে আম আদমী পাৰ্টিয়ে।

দলটোৱে দিল্লীত ইতিমধ্যে বিজয় উৎসৱ উদযাপন কৰিছে।

আপৰ মুখ্য কাৰ্যালয়ত দলৰ কৰ্মীসকলে হোলী উদযাপন কৰাৰ লগতে ঢোল বজাই নৃত্য গীত গাই উৎফুল্লিত হৈ পৰিছে।

এনে উৎসৱ মুখৰ পৰিৱেশৰ মাজতে আপৰ কাৰ্যালয়ত এখন পোষ্টাৰ দেখা যায়।

পোষ্টাৰখনত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ ছবি লগোৱা আছে। পোষ্টাৰখনত লিখা আছে-কাৰেন্ট লগা হে (কাৰেন্ট লাগিল)।

আপ কৰ্মীসকলে নৃত্য-গীতৰ মাজতে এই পোষ্টাৰখন জোকাৰিছে।

দিল্লীৰ শ্বাহিনবাগক বিজেপি ইচ্ছ্যু বনাইছিল আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী স্বয়ং অমিত শ্বাহে আপক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল।

এখন সভাত অমিত শ্বাহে কৈছিল,’’দিল্লীবাসীয়ে ইভিএমৰ চুইচ ইমান জোৰকৈ টিপক ভোট ইয়াত পৰে আৰু কাৰেন্ট শ্বাহিনবাগত লাগে।‘’

তদুপৰি, নিৰ্বাচনী ফলাফল ওলোৱাৰ কেইদিনমান পূৰ্বে অমিত শ্বাহে দিল্লীত বিজেপিয়ে ৪৫ খন আসন লাভ কৰি চৰকাৰ গঠন কৰিব বুলি ব্যক্ত কৰিছিল।

আজিৰ নিৰ্বাচনী ফলাফলৰ পাছতে অতি উৎসাহিত হৈ পৰা আপৰ কৰ্মীসকলে সেয়ে অমিত শ্বাহৰ পোষ্টাৰ জোকাৰি এইদৰে এক প্ৰকাৰ প্ৰত্যুত্তৰ দিয়ে।