NORTHEAST NOW (Assamese)
অসম

NDFB-ৰ চাৰিওটা গোট একত্ৰিত; লক্ষ্য আগন্তুক বি টি চি নিৰ্বাচন; এবছুৰো টঙালি

Posted by: অনুপ শৰ্মা Updated by: অনুপ শৰ্মা February 12, 2020 10:15 am
NDFB Unified

এন ডি এফ বিৰ প্ৰধান নেতা ৰঞ্জন দৈমাৰীৰ আহ্বানত এন ডি এফ বি বিভক্ত হৈ থকা ৰঞ্জন দৈমাৰী, গোবিন্দ বসুমতাৰী,  বি ছাওৰাইগ্ৰা আৰু ধীৰেন বড়ো নেতৃত্বাধীন গোটকেইটা আজি চিৰাং জিলাৰ বিজনীত একত্ৰিত হয়।

ইয়াৰ লগতে গুৰুত্বপূৰ্ণ খবৰটো হ’ল একত্ৰিত এন ডি এফ বিয়ে আগন্তুক বি টি চি নিৰ্বাচনত তেওঁলোকৰ পচন্দৰ প্ৰাৰ্থীক  অৱতীৰ্ণ কৰাব।

যোৱা ২৭ জানুৱাৰিত তৃতীয় বড়ো চুক্তি স্বাক্ষৰকাৰী চাৰিজন এন ডি এফ বিৰ নেতাই বি টি আৰৰ প্ৰতিটো দফা কাৰ্যকৰী কৰাটো প্ৰধান উদ্দেশ্য হিচাপে লৈ একত্ৰিত হোৱা বুলি কোৱা হৈছে।

এন ডি এফ বিয়ে নিজৰ পচন্দৰ প্ৰাৰ্থীক জয়ী কৰাই আনি বিটিচি দখল কৰি বি টি আৰৰ দফাসমূহৰ কাৰ্য্যকৰী কৰাৰ লক্ষ্য লৈছে।

আনহাতে, আজিৰ পৰা দুদিনীয়া কাৰ্য্যসূচীৰে বাক্সাৰ তামুলপুৰত এবছুৰ বিশেষ অভিৱৰ্তন অনুষ্ঠিত হ’ব আৰু ১৩ ফেব্ৰুৱাৰি অৰ্থাৎ কাইলৈ এবছুই চাৰিওটা গোটৰ এন ডি এফ বিৰ বড়ো চুক্তি স্বাক্ষৰকাৰী নেতাক সম্বৰ্ধনা জনাব।

লগতে তেওঁলোকৰ সৈতে আলোচনাৰ জৰিয়তে বি টি আৰৰ দফাসমূহৰ কাৰ্য্যকৰী কৰাৰ ওপৰতো আলোচনা কৰি সিদ্ধান্ত ল’ব।

এই অভিৱৰ্তনতে আগন্তুক বি টি চি নিৰ্বাচনত এবছুই কি ভূমিকা গ্ৰহণ কৰিব সেই সম্পৰ্কে বিতং আলোচনা কৰা হ’ব বুলিও এটা সূত্ৰই কয়।

বি টি চিত বিৰোধী ৰাজনৈতিক দল ইউ পি পি এলকে সমৰ্থন কৰি নিৰ্বাচনত অৱতীৰ্ণ হ’ব নে নতুন ৰাজনৈতিক দল গঠন কৰিব তাৰ ওপৰত বিতংভাৱে এই অভিৱৰ্তনত আলোচনা হোৱাৰ কথা।

আন এটা সম্ভাৱনাৰ কথা জানিবলৈ দি সূত্ৰটোৱে কয়, নিখিল বড়ো ছাত্ৰ সন্থাই বি টি আৰ চুক্তি স্বাক্ষৰকাৰী নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি প্ৰমোদ বড়ো আৰু সাধাৰণ সম্পাদক লৰেঞ্চ ইছলাৰীক নিৰ্বাচনত অৱতীৰ্ণ কৰোৱাৰ কথা বিবেচনা কৰিব পাৰে।

প্ৰমোদ বড়ো আৰু লৰেঞ্চ ইছলাৰী এবছুৰ পৰা অব্যাহতি লোৱাৰ পিছত  কাক দ্বায়িত্বভাৰ দিব এই সম্পৰ্কেও আলোচনা হোৱাৰ সম্ভাৱনা আছে।

উল্লেখযোগ্য যে ২৭ জানুৱাৰিত নতুন দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত বড়ো নেতৃত্বই স্বাক্ষৰ কৰিছিল ঐতিহাসিক বড়ো চুক্তিত।

চুক্তিখনত এন ডি এফ বিৰ আটাইকেইটা গোটৰ লগতে বি পি এফৰ মুৰব্বী প্ৰধান হাগ্ৰামা মহিলাৰী আৰু এবছুৰ সভাপতি প্ৰমোদ বড়োৱেও স্বাক্ষৰ কৰে।