NORTHEAST NOW (Assamese)
Popular Stories

ক’ৰ’না আতংক; এইবাৰ প্ৰতাপী চীনা ৰাষ্ট্ৰপতিয়ে পিন্ধিব লগা হ’ল প্ৰতিৰোধী মাস্ক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 12, 2020 6:02 pm
Xi Xinping

চীনত ক’ৰ’না ভাইৰাছে সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়ত প্ৰথমবাৰৰ বাবে চীনৰ মহাপ্ৰতাপী ৰাষ্ট্ৰপতি জি জিনপিঙৰ ফটো ৰাজহুৱা হৈছে।

সোমবাৰে চীনৰ ৰাজধানী বেইজিঙত জিনপিঙক মাস্ক পৰিধান কৰি থকা অৱস্থাত দেখা গৈছে।

জিনপিঙে চাওয়াং জিলাত নিৰ্মিত এখন বিশেষ কেন্দ্ৰত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ সন্দৰ্ভত সোমবাৰে পৰিস্থিতিৰ বুজ লয়।

প্ৰায় সংবাদ শীৰ্ষত স্থান অধিকাৰ কৰা চীনা ৰাষ্ট্ৰপতি গৰাকীয়ে বহু দিনৰ পৰা চৰ্চাত নাছিল।

চীনত ক’ৰ’না ভাইৰাছ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত চীনা ৰাষ্ট্ৰপতি পাৰ্য্যমানে চেষ্টা কৰি থকাৰ খবৰ বিশ্বজুৰি ৰাজহুৱা কৰাৰ বাবেই চীনা সংবাদ মাধ্যমে এই খবৰ প্ৰকাশ কৰিছে বুলি ধাৰণা কৰা হৈছে।

উল্লেখযোগ্য যে, চীনত ক’ৰ’না ভাইৰাছৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৯০৮ গৰাকীলৈ বৃদ্ধি পাইছে। এই মৃত্যু হোৱা লোক সকলৰ ভিতৰত বেছি সংখ্যক লোক চীনৰ য়ুহান প্ৰদেশৰ।

আনহাতে, চীনত বৰ্তমানলৈ প্ৰায় ৪০,০০০ গৰাকী লোক এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে।

চীনৰ উপৰিও হংকং, মালেছিয়া, টাইৱান আদিলৈ ক’ৰ’না ভাইৰাছ সংক্ৰমিত হৈছে বুলি নিশ্চিত হৈছে।

ভাৰতকো ভাইৰাছ বিধ সংক্ৰমণ হ’ব পৰা দেশৰ তালিকাৰ ভিতৰত সংবেদনশীল স্থানত ৰখা হৈছে।

ইতিমধ্যে আমেৰিকা, জাৰ্মানীকে ধৰি ইউৰোপৰ বিভিন্ন দেশে চীনৰ সৈতে বিমান সেৱা সাময়িকভাৱে বাতিল কৰিছে।