NORTHEAST NOW (Assamese)
Popular Stories

মুম্বাইত ৯ কোটি টকাৰে ৪ টা বিলাসী ফ্ল্যাট ক্ৰয় জনপ্ৰিয় কণ্ঠশিল্পী আৰিজিত সিঙৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 12, 2020 7:25 pm
Arijit Singh

জনপ্ৰিয় কণ্ঠশিল্পী অৰিজিত সিঙে ৯ কোটি টকাৰে মুম্বাইৰ ভেৰছোভাত চাৰিটা ফ্ল্যাট ক্ৰয় কৰিছে আৰু ষ্টাম্প শুল্ক হিচাপে ৫৪ লাখ টকা জমা দিছে।

জানিব পৰা মতে আৰিজিত সিঙে ক্ৰয় কৰা আটাইকেইটা ফ্ল্যাট একেটা মহলতে অৱস্থিত।

সংগীত শিল্পী গৰাকীয়ে ক্ৰয় কৰা ফ্ল্যাট কেইটাৰ ভিতৰত এটা ফ্ল্যাট ৩২ বৰ্গ মিটাৰৰ আৰু ইয়াৰ মূল্য ১.৮০ কোটি টকা। আনদুটা ফ্ল্যাট ৭০ বৰ্গ ফুটৰ আৰু মূল্য ২.২০ কোটি টকা।

উল্লেখযোগ্য যে, ২০১৯ চনৰ ডিচেম্বৰ মাহত প্ৰকাশিত ফোৰ্বছৰ ১০০ জনীয়া চেলিব্ৰেটি তালিকাত আৰিজিত সিঙে ২৬ সংখ্যক স্থান অধিকাৰ কৰিছিল।

আৰিজিত সিঙে বিশ্বজুৰি লাইভ প্ৰোগ্ৰাম পৰিবেশন কৰি এই জনপ্ৰিয়তা অৰ্জন কৰিছে বুলি বহুতে উল্লেখ কৰে।

ইয়াৰ পূৰ্বে এটা সাক্ষাৎকাৰত সংগীত শিল্পী গৰাকীয়ে মুম্বাইত তেওঁ প্ৰথম অৱস্থাত কৰা সংঘৰ্ষৰ বিষয়ে কৈছিল।

‘‘মই বহু সংঘৰ্ষ কৰিবলগীয়া হৈছিল। কিন্তু মোৰ সংঘৰ্ষৰ মাজতো নিজা স্বকীয়তা আছিল যাৰ বাবে মই আজি এই স্থানত উপনীত হৈছো। মুম্বাইলৈ অহা প্ৰতিগৰাকী সংগীত শিল্পীয়ে এই সংঘৰ্ষৰ সৈতে চিনাকী,’’ আৰিজিত সিঙে সাক্ষাৎকাৰত কয়।

তদুপৰি নিজৰ সংগীতৰ ক্ষেত্ৰখনৰ বিষয়ত সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁৰ সংগীতৰ পৰিকল্পনা অনন্য বুলি কয়।

‘‘মই বিভিন্ন ধৰণৰ গান গাইছো। নতুন নতুন ধৰণৰ গান মই বিভিন্ন শৈলীত গাবলৈ চেষ্টা কৰিছো। মোৰ অনুৰাগী সকলে মোৰ এই প্ৰচেষ্টাক আদৰি লৈছে আৰু গান সমূহ প্ৰাণ ভৰি শুনিছে,’’ জনপ্ৰিয় কণ্ঠশিল্পী গৰাকীয়ে লগতে পুনৰ কয়।