NORTHEAST NOW (Assamese)
Popular Stories

চি আৰ পি এফত খালী হৈ থকা বৃহৎ সংখ্যক পদৰ বাবে আবেদন আহ্বান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 12, 2020 8:19 pm
1416172811801_wps_15_Passing_Out_parade_for_th

চেন্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ’ৰ্চ চমুকৈ চি আৰ পি এফৰ খালী হৈ থকা কেইবাটাও পদ অতি শীঘ্ৰে পূৰণৰ বাবে গৃহ মন্ত্ৰ্যালয়ে নিৰ্দেশনা জাৰি কৰিছে।

১৪১২টা খালী হৈ থকা হেড কনিষ্টবল (জিডি)পদৰ বাবে আবেদন আহ্বান কৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে অফিচিয়েল ৱেবছাইট crpf.gov.inৰ জৰিয়তে আবেদন কৰিব পাৰিব।

ওপৰত উল্লেখিত পদ সমূহৰ ১৩৩১টা পদ পুৰুষ আৰু ৮১টা পদ মহিলাৰ বাবে সংৰক্ষিত। আবেদনৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হোৱা বুলি জানিব পৰা গৈছে।

প্ৰাৰ্থীসকলে ৬ মাৰ্চৰ ভিতৰত আবেদনৰ প্ৰ-পত্ৰ পূৰণ কৰিব লাগিব।

অহা ১৯ এপ্ৰিলত পদ সমূহৰ বাবে লিখিত পৰীক্ষাৰ আয়োজন কৰিছে। পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলে শাৰিৰীক আৰু মেডিকেল টেষ্টত অংশ ল’ব পাৰিব।

চি আৰ পি এফৰ জৰিয়তে দেশ সেৱাত ব্ৰতী হ’বলৈ প্ৰাৰ্থীসকলৰ বয়সৰ উৰ্ধ্বসীমা ২০১৯ চনৰ ১ আগষ্টৰ ভিতৰত ৩২ বছৰ হ’ব লাগিব।

আবেদনৰ বাবে প্ৰয়োজনীয় অৰ্হতা

প্ৰাৰ্থীসকল চৰকাৰী স্বীকৃতিপ্ৰাপ্ত ব’ৰ্ড/প্ৰতিষ্ঠানৰ পৰা দ্বাদশ উত্তীৰ্ণ হোৱাটো প্ৰয়োজনীয়।

পৰীক্ষাৰ ধৰণ

এই খালী পদ সমূহৰ বাবে তিনি ঘণ্টাৰ লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব। মুঠ ১৬০টা প্ৰশ্ন সম্বলিত কাকতৰ প্ৰতিটো প্ৰশ্নৰে ১ নম্বৰ থাকিব। পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ প্ৰাৰ্থীসকলে ৫০ শতাংশ নম্বৰ লাভ কৰাটো প্ৰয়োজনীয়।

ইয়াৰ উপৰি পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ প্ৰতিটো শাখাতে ৪৫ শতাংশ নম্বৰ পোৱাটো বাধ্যতামূলক। সংৰক্ষিত প্ৰাৰ্থীসকলৰ বাবে ৫ শতাংশ ৰেহাইৰ ব্যৱস্থা আছে।

উল্লেখ্য যে নিৰ্বাচিত প্ৰাৰ্থীসকলে মাহেকত ২৫,৫০০ টকাৰ পৰা ৮১,১০০ টকা পৰ্যন্ত দৰমহা লাভ কৰিব। ইয়াৰ উপৰি এইছ আৰ এ, ডি এ, চি চি এৰ দৰে সুবিধা সমূহো লাভ কৰিব।

প্ৰাৰ্থীসকলে অধিক তথ্যৰ বাবে চি আৰ পি এফৰ অফিচিয়েল ৱেবছাইত গৈ সবিশেষ জানিব পাৰিব।