NORTHEAST NOW (Assamese)
অসম

চৰাইদেউলৈ ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি; আনুষ্ঠানিক ঘোষণা বাকী!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 22, 2023 7:17 am

অসমৰ আহোম ৰাজত্বৰ ঐতিহাসিক চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভৰ পথত আগবাঢ়িছে। চৰাইদেউক বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদানৰ বাবে ভাৰত চৰকাৰে ইতিমধ্যে ইউনেস্কোলৈ ড’চিয়াৰ প্ৰেৰণ কৰিছে।

ৰাজ্যৰ প্ৰত্নতত্ত্ব বিভাগে প্ৰস্তত কৰা ড’চিয়াৰ কেন্দ্ৰীয় চৰকাৰৰ হাতত প্ৰদান কৰা কৰাৰ পিছত কেন্দ্ৰই সেয়া ইউনেস্কোলৈ প্ৰেৰণ কৰিছে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰি কয় যে ভাৰতৰ পৰা এইবাৰ ইউনেস্কোলৈ একমাত্ৰ চৰাইদেউ মৈদাম ক্ষেত্ৰৰেই ড’চিয়াৰ প্ৰেৰণ কৰা হৈছে।

চৰাইদেউ মৈদাম ক্ষেত্ৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে গঢ়ি তোলাৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সমগ্ৰ অসমবাসীৰ বাবে আনন্দৰ খৱৰ।

জানিব পৰা মতে, চৰাইদেউ মৈদাম ক্ষেত্ৰই বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰাটো এইবাৰ নিশ্চিত হৈছে। অহা ছেপ্টেম্বৰ মাহৰ ভিতৰতে ইয়াৰ আনুষ্ঠানিক ঘোষণা কৰা হ’ব।

উল্লেখ্য যে ২০১৪ চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ প্ৰাৰম্ভিক তালিকাত চৰাইদেউ ঐতিহ্য ক্ষেত্ৰৰ নাম সন্নিৱিষ্ট হৈছিল ।