NORTHEAST NOW (Assamese)
অসম

ই ভি এম টেম্পাৰিং কৰিব নোৱাৰি এয়া অপপ্ৰচাৰ; মুখ্য নিৰ্বাচন আয়ুক্ত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 13, 2020 11:54 am
evm

দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত সুনীল আৰোৰাই ১২ ফেব্ৰুৱাৰিত এখন সন্মিলনত অংশগ্ৰহণ কৰি নিৰ্বাচনত ভোটদানৰ বাবে ব্যৱহাৰ হোৱা ই ভি এম টেম্পাৰিং কৰিব নোৱাৰি বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

‘‘অন্যান্য বাহনৰ দৰে ই ভি এমটো কিছু বিসংগতি ঘটিব পাৰে কিন্তু ই ভি এম টেম্পাৰিং কৰিব নোৱাৰি। গতিকে বেলট পেপাৰলৈ ঘূৰি যোৱাৰ কোনোধৰণৰ প্ৰশ্নই নুঠে,’’ সুনীল আৰোৰাই কয়।

আনহাতে, উচ্চতম ন্যায়ালয়েও ইলেক্ট’নিক ভোটিং মেচিনৰ জৰিয়তে নিৰ্বাচন অনুষ্ঠিত কৰি অহাত গুৰুত্ব প্ৰদান কৰি আহিছে।

উল্লেখযোগ্য যে, বিভিন্ন সময়ত দেশত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পাছত ই ভি এম টেম্পাৰিঙৰ অভিযোগ উত্থাপন হৈ আহিছে।

বিশেষকৈ নিৰ্বাচনত ক্ষমতাত থকা দলটোৱে পুনৰ ক্ষমতালৈ আহিলে বিৰোধী দল সমূহে সততে ই ভি এম টেম্পাৰিঙৰ অভিযোগ উত্থাপন কৰা দেখা যায়।