NORTHEAST NOW (Assamese)
অটো

অট’ এক্সপো : হিৰো চাইকেলে প্ৰদৰ্শন কৰিলে বেটাৰী চালিত তিনিখন নতুন চাইকেল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 13, 2020 5:27 pm
Hero-Cycles

হিৰো চাইকলে শেহতীয়া অট’ এক্সপোত তিনিখন বেটাৰী চালিত চাইকেলৰ প্ৰদৰ্শন কৰে।

এই চাইকেল চলিত বৰ্ষৰ দ্বিতীয়ভাগত বিক্ৰীৰ বাবে মুকলি কৰি দিয়াৰ আশা কৰা হৈছে।

হিৰো চাইকেলে প্ৰদৰ্শন কৰা এই তিনিটা মডেল হৈছে ইজি ষ্টেপ (Easy Step),ষ্ট্ৰফাংগাৰ (Straphanger)আৰু ইছেন্টিয়া কানেক্ট (Essentia Connect)।

ইজি ষ্টেপ এখন ইলেকট্ৰিক চাইকেল আৰু ইয়াক আঢ্যৱন্ত শ্ৰেণীৰ চাইকেল আৰোহীৰ প্ৰতি লক্ষ্য ৰাখি উলিওৱা হৈছে।

ইজি ষ্টেপৰ মূল্য ৩৫,০০০ৰ পৰা ৪০,০০০ হ’ব বুলি আশা কৰা হৈছে।

ষ্ট্ৰফাংগাৰো বেটাৰিৰ দ্বাৰা পৰিচালিত আৰু ইয়াৰ মূল্যও ৪০,০০০টকাৰ ঘৰত থাকিব।

ইছেন্টিয়া কানেক্টত উচ্চ মাত্ৰাৰ ২৫০ ৱাটছৰ মটৰ সংলগ্ন আছে।

তিনিওখন চাইকেলতে হিৰো এপ্লিকেশ্যনৰ জৰিয়তে ব্যৱহাৰকাৰী বা চালকৰ স্মাৰ্টফোনৰ সৈতে সংযোগ হোৱাৰ কাৰিকৰী যুক্ত হৈছে।

এই এপ্লিকেশ্যনে প্ৰয়োজনীয় চালনাৰ তথ্য ৰেকৰ্ড কৰিব আৰু সেয়া চালকজনে বিচাৰিলে ব্যৱহাৰ কৰিব পাৰিব।

সুদীৰ্ঘ দিনৰ পৰা গ্ৰাহকৰ মাজত জনপ্ৰিয় হিৰো চাইকেলৰ এই নতুন চাইকেল কেইখনে নতুন আৰু চাইকেলৰ চখ ৰখা আঢ্যৱন্ত লোকৰ বিশেষ আকৰ্ষণ হ’ব বুলি আশা কৰা হৈছে।