NORTHEAST NOW (Assamese)
অসম

কাজিৰঙাত পুনৰ ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ 

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া February 13, 2020 6:01 pm
Kaziranga Story

পুনৰ মৃত্যু ঘটিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অন্য এটা ঢেকীয়াপতীয়া বাঘৰ। কিছুদিন পূৰ্বেও এটা ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল ৰাষ্ট্ৰীয় উদ্যানখনত।

বৃহস্পতি বাৰে ৰাতিপুৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা ৰেঞ্জৰ বিহদিয়া বন শিৱিৰৰ সমীপতে উদ্ধাৰ কৰা হয়  মতা ঢেকীয়াপতীয়া বাঘৰ মৃতদেহটো।

ৰাতিপুৱা বনাঞ্চলত তহলদাৰী বনকৰ্মীৰ এটা দলে বিহদিয়া নলাপৃৰ পাৰত ইকৰাণীৰ মাজত উৎকট দুৰ্গন্ধ পায়। উৎকট দুৰ্গন্ধৰ পম খেদি গৈ তহলদাৰী বনকৰ্মীৰ দলটোৱে ইকৰাণীৰ মাজত প্ৰত্যক্ষ কৰে মতা ঢেকীয়াপতীয়া বাঘটোৰ গলিত মৃতদেহটো।

ঢেকীয়াপতীয়া বাঘটোৰ মৃতদেহটো প্ৰত্যক্ষ কৰাৰ লগে লগে তহলদাৰী বনকৰ্মী দলটোৱে কহঁৰা ৰেঞ্জলৈ খবৰ প্ৰেৰণ কৰে। আৰু লগে লগে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱ কুমাৰৰ নেতৃত্বত বন বিভাগৰ এটা উচ্চ পদস্থ বিষয়াৰ দল বাঘটোৰ মৃতদেহ উদ্ধাৰ হোৱা স্থানলৈ ৰাওনা হয়।

১০ দিনৰ পূৰ্বে পাৰস্পৰিক যুঁজত মতা ঢেকীয়াপতীয়া বাঘটোৰ মৃত্যু ঘটা বুলি প্ৰকাশ কৰিছে বন বিভাগে। মৃত বাঘটোৰ বয়স এবছৰ বুলি বন বিভাগৰ বিভাগীয় সুত্ৰত প্ৰকাশ।

ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকাৰীৰ উপস্থিতিত পশু চিকিৎসক ডা৹ প্ৰাণজি বসুমতাৰীয়ে মৃত বাঘটোৰ মৰোণোত্তৰ পৰীক্ষাসম্পন্ন কৰে ৷ মৰোণোত্তৰ পৰীক্ষাত ঢেকীয়াপতীয়া বাঘটোৰ শৰীৰত অন্য বাঘে কৰা আক্ৰমৰ চিন পোৱা গৈছে।

মৰোণোত্তৰ পৰীক্ষাৰ শেষত সকলোৰে উপস্থিতিত বাঘটোৰ মৃতদেহটো বনাঞ্চলতে দাহ কৰা হয় ৷ আজিৰ বাঘৰ মৃতদেহটো উদ্ধাৰ হোৱাৰ পাচত চলিত মাহত কাজিৰঙাত দুটাকৈ ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে । বন বিভাগৰ সূত্ৰৰ মতে পাৰস্পৰিক যুঁজতেই দুয়োটা বাঘ মৃত্যু হৈছে ৷