NORTHEAST NOW (Assamese)
অটো

ভাৰতত ১ এপ্ৰিলৰ পৰা বিক্ৰী, পঞ্জীয়ন বন্ধ সকলো BS4 গাড়ীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 15, 2020 5:32 pm
supreme-court_of_India-750x375

ভাৰতত চলিত বৰ্ষৰ ১ এপ্ৰিলৰ পৰা বন্ধ হ’ব বি এছ ৪ মদেলৰ সকলো গাড়ীৰ বিক্ৰী আৰু পঞ্জীয়ন।

ভাৰতৰ উচ্চতম ন্যায়ালয়ে অট’ম’বাইল ডীলাৰ সংস্থা এটাৰ আৱেদন খাৰিজ কৰি শুকুৰবাৰে পূৰ্বৰ এই ৰায়কে বাহাল ৰাখিছে।

২০১৮ চনৰ ২৪ অক্তোবৰত সৰ্বোচ্চ ন্যায়ালয়খনে ভাৰত ষ্টে’জ ৪ৰ সকলো গাড়ীৰ বিক্ৰী আৰু পঞ্জীয়ন বন্ধ কৰিবলৈ নিৰ্দেশ দিছিল।

বিপৰীতে অট’ম’বাইল ডীলাৰ সংস্থাটোৱে এমাহৰ বাবে এই সময়সীমা বঢ়াই দিবলৈ আৱেদন কৰিছিল।

সংস্থাটোৰ নতুন আৱেদনখনৰ শুনানি লোৱা ন্যায়াধীশদ্বয় অৰুণ মিশ্ৰ আৰু দীপক গুপ্তাই প্ৰদূষণ ৰোধক অগ্ৰাধিকাৰ দি গাড়ী নিৰ্মাতাৰ “লোভ”কো ককৰ্থনা কৰে।

“এটা দিনো বঢ়াই দিয়া নহ’ব। …আৱেদনখন খাৰিজ কৰা হৈছে,” আদালতে নিজৰ নিৰ্দেশত কয়।