NORTHEAST NOW (Assamese)
Popular Stories

“স্বাস্থ্য মন্ত্ৰী”ক চিনি নোপোৱা পুলিচ বিষয়াক নিলম্বনৰ নিৰ্দেশ এজন মন্ত্ৰীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 16, 2020 2:26 pm
mangal pandy,

“মন্ত্ৰীক চিনি নোপোৱা আৰক্ষী বিষয়াক নিলম্বন কৰক।” এই নিৰ্দেশ এজন মন্ত্ৰীৰ।

এই নিৰ্দেশ দিয়া মন্ত্ৰীজন হ’ল বিহাৰ ৰাজ্য চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী মঙ্গল পাণ্ডে।

শনিবাৰে সংবাদ প্ৰতিষ্ঠান এ এন আইএ ভাইৰেল কৰা এটা চুটি ভিডিঅ’ত মন্ত্ৰীজনে এজন উচ্চ পদস্থ আৰক্ষী বিষয়াক যথেষ্ট উষ্মাৰে এই দৰে কোৱা দেখা গৈছে।

উল্লেখ্য যে সহকাৰী উপ পৰিদৰ্শক গণেশ চৌহানে বিহাৰৰ স্বাস্থ্যমন্ত্ৰী মঙ্গল পাণ্ডেক চিনিব নোৱাৰি চিৱানৰ এক কাৰ্যসূচীত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰিছিল।

সহকাৰী উপ পৰিদৰ্শক গৰাকীয়ে মন্ত্ৰীজনক প্ৰৱেশ কৰাত বাধা আৰোপ কৰাৰ বাবেই খড়গৰ্স্ত হৈ মন্ত্ৰী মঙ্গল পাণ্ডেই উপ সংমণ্ডল আৰক্ষী বিষয়া জিতেন্দ্ৰ পাণ্ডেক সহকাৰী উপ আৰক্ষী বিষয়াজনক নিলম্বন কৰিবলৈ খঙেৰে নিৰ্দেশ দিয়া দেখা গৈছে।

মন্ত্ৰীজনে তেওঁক অনুষ্ঠানত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰা আৰক্ষীজনক নিলম্বন কৰাত কিয় পলম কৰিছে বুলি উপ সংমণ্ডল আৰক্ষী বিষয়া জিতেন্দ্ৰ পাণ্ডেক ভৎসনা কৰি উক্ত সহকাৰী উপ পৰিদৰ্শকজনক অতি শীঘ্ৰে নিলম্বন কৰিবলৈ নিৰ্দেশ দিয়া দেখা গৈছে ভিডিঅ’টোত।

এই সমস্ত ঘটনাক্ৰমত বিহাৰ চৰকাৰৰ কলা, সংস্কৃতি আৰু যুৱ পৰিক্ৰমা মন্ত্ৰী প্ৰমোদ কুমাৰো উপস্থিত আছিল।