NORTHEAST NOW (Assamese)
অসম

মহানগৰীৰ এ বি চিত ভয়ংকৰ অগ্নিকাণ্ড

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া February 16, 2020 8:03 pm
Fire in ABC

গুৱাহাটীৰ ABC ৰ এটা পেট্ৰল পাম্পৰ সমীপত সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনা।

পেট্ৰল পাম্পৰ সমীপৰ এখন কাপোৰৰ শ্ব’ ৰুমৰ পৰা জুইৰ সূত্ৰপাত হয়। তাৰ পাছতে জুইৰ লেলিহান শিখাই আগুৰি ধৰে শ্ব’ ৰুমটো থকা আট্টালিকাটোৰ পাঁচটাকৈ মহলা।

মহানগৰীৰ পল্টনবজাৰ, চান্দমাৰী,  চুপাৰ মাৰ্কেটৰ পৰা মুঠ ৭ খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে জুই নুমোৱাৰ চেষ্টা অব্যাহত ৰাখিছে।

বৰ্তমানেও নিৰ্বাপিত হোৱা নাই জুই।

বাতৰি লিখা পৰলৈকে জুই নিৰ্বাপিত কৰিবলৈ প্ৰচেষ্টা চলাই আছে ৭ খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে।

সন্ধ্যা প্ৰায় ৭ বজাত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

বৰ্তমানলৈকে কোনো লোক অগ্নিকাণ্ডৰ ফলত হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে।

এতিয়ালৈকে ক্ষয়-ক্ষতিৰ পৰিমাণ জানিব পৰা হোৱা নাই।

চৰ্ট চার্কিতৰ ফলতে এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে।

ৰবিবাৰ উপলক্ষে বন্ধ আছিল কাপোৰৰ শ্ব ৰুমটো।