NORTHEAST NOW (Assamese)
অসম

ৰেইলৱেৰ প্ৰতিশ্ৰুতি : ইণ্ডিজেনাছ ষ্টুডেন্টছ ফ’ৰামৰ ৰেইল অৱৰোধ প্ৰত্যাহাৰ

Posted by: পংকজ কুমাৰ দেব Updated by: পংকজ কুমাৰ দেব February 17, 2020 12:34 pm
IMG20200201130208

ইণ্ডিজেনাছ ষ্টুডেন্টছ ফ’ৰাম চমুকৈ আইএছএফ নামৰ সংগঠনে আজিৰে পৰা হ’বলগীয়া অনিৰ্দিষ্টকালীন ৰেইল অৱৰোধ প্ৰত্যাহাৰ কৰিছে।

ব্ৰডগজ ৰেইলপথ নিৰ্মাণৰ কাৰণে ডিমা হাচাও জিলাত প্ৰায় পাঁচ শতাধিক পৰিয়ালৰ ঘৰ, খেতি-পথাৰ আদি ক্ষতিগ্ৰস্ত হৈছিল।

কিন্তু ৰেইল কৰ্তৃপক্ষই তেওঁলোকৰ বাকী থকা ক্ষতিপূৰণৰ ধন মোকলাই দিয়া নাই। ইয়াৰ বাবেই এই ৰেইল অৱৰোধ কাৰ্যসূচীৰ আহ্বান জনোৱা হৈছিল।

এন এফ ৰেইলৱেৰ ফালৰ পৰা জিলা উপায়ুক্তলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে মুখ্য প্ৰশাসনিক বিষয়া এইচ এছ যাদবে।

তেওঁ পত্ৰখনত উল্লেখ কৰে যে লামডিং-শিলচৰ ব্ৰডগজ প্ৰকল্প অতিপুৰণি। ইতিমধ্যে এই প্ৰকল্পৰ কাম শেষ হৈছে। বৰ্তমানে কোনো পুঁজি নাই।

IMG-20200216-WA0002
এন এফ ৰেইলৱেৰ মুখ্য প্ৰশাসনিক বিষয়াই জিলা উপায়ুক্তলৈ লিখা পত্ৰখন।

এনে পৰিস্থিতিত নতুন বিত্তীয় বছৰত ধন মোকলাই দিয়াৰ কাৰণে ৰেইলৱেৰ পৰা অৱগত কৰা হ’ল। অৰ্থাৎ ৩১ মাৰ্চৰ পাছত ক্ষতিপূৰণ দিয়া হ’ব।

ইপিনেস ৰেইলৱেৰ পৰা এই পত্ৰ লাভ কৰাৰ পাছত আইএছএফ নেতৃত্বই ৰেইল অৱৰোধ কাৰ্যসূচী উঠাই লোৱাৰ বাবে সাজু হয়।

আইএছএফৰ সভাপতি ডেভিদ কেইভমে নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা বাৰ্তালাপত কয়, ‘আমি ৰেইল বা চৰকাৰৰ ফালৰ পৰা যেতিয়া যি কৈছে মানি লৈছিলো। কিন্তু দুখীয়া ৰাইজে নিজৰ প্ৰাপ্য ধন নোপোৱা বাবে বাধ্য হৈ ৰেইল অৱৰোধৰ আহ্বান জনাইছিলো। কিন্তু এতিয়া যিহেতু ৰেইলৱেই প্ৰতিশ্ৰুতি দিছে সেই কাৰনে আমি এই অৱৰোধ উঠাই লৈছো।’