NORTHEAST NOW (Assamese)
অসম

বৰাক-ব্ৰহ্মপুত্ৰত অসমীয়া ভাষা প্ৰথম ভাষা হিচাপে প্ৰচলিত হৈ থাকিব লাগিব : পৰমানন্দ ৰাজবংশী

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা February 17, 2020 7:51 pm
b3bd1275-b373-4706-bf0f-ab5707a1fe9f

বৰাকৰ মুখ্য ভাষা বঙালী হ’ব লাগে বুলি বিভিন্ন সময়ত মন্তব্য কৰি অহা কংগ্ৰেছৰ প্ৰাক্তন সাংসদ সুস্মিতা দেৱক আজি উভতি ধৰিছে অসম সাহিত্য সভাৰ বিদায়ী সভাপতি পৰমানন্দ ৰাজবংশীয়ে।

শিলচৰৰ প্ৰাক্তন সাংসদগৰাকীক কটাক্ষ কৰি ৰাজবংশীয়ে কয়, ‘অসমীয়া আৰু বঙালী ভাষা যে ভাই-ককাই তেওঁ সেই কথাটো জানিব লাগিব। বাপেকৰ পদাংক অনুসৰণ কৰি বাংলা ৰাজনীতি কৰিলে নহ’ব’।

তেওঁ লগতে কয়, ‘কাৰণ আমিতো মাহে মাহে বা দুমাহৰ মূৰত বৰাক উপত্যকালৈ গৈছো আৰু তাত সভা কৰিছো, অসমীয়া ভাষাৰ উন্নতিৰ কথা কৈছো, নাটক কৰিছো কোনো বাংলাভাষী মানুহে আমাক আপত্তি কৰা নাই’৷

‘আমি বিচাৰো জ্যোতি প্ৰসাদ, ৰবিন্দ্ৰ নাথৰ কাৰ্যসূচী সমূহ চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী সকলে বুজি উঠাৰ বাবে উদযাপন কৰক কিন্তু যোৱা বৰ্ষত ৰবিন্দ্ৰ জয়ন্তীৰ দিনটোত চৰকাৰী বিদ্যালয়ত পৰীক্ষা পাতিছিল তাক অসম সাহিত্য সভাই তীব্ৰ বিৰোধিতা কৰিছিল। সেই সময়ত সুস্মিতা দেৱ ক’ত আছিল’ বুলি ৰাজবংশীয়ে প্ৰশ্ন কৰে।

‘অসম সাহিত্য সভাৰ স্পষ্ট কথা বৰাক-ব্ৰহ্মপুত্ৰ সকলোতে অসমীয়া ভাষা প্ৰথম ভাষা হিচাপে প্ৰচলিত হৈ থাকিব লাগিব’, ৰাজবংশীয়ে লগতে কয়।

উল্লেখ্য যে আজি অসম সহিত্য সভাৰ গুৱাহাটীৰ কাৰ্যালয়ত বিদায়ী সভাপতি ৰাজবংশীয়ে সম্বোধন কৰা সংবাদমেলত উপস্থিত থাকে ভাৰপ্ৰাপ্ত প্ৰধান সম্পাদক অৱনীমোহন চৌধুৰী।