NORTHEAST NOW (Assamese)
অসম

অসমৰ মাদ্ৰাছা শিক্ষানুষ্ঠান সমূহত এতিয়া কান্দোনৰ ৰোল

Posted by: দ্বীপজ্যোতি শৰ্মা Updated by: দ্বীপজ্যোতি শৰ্মা February 17, 2020 7:55 pm
madrassa

অসমৰ মাদ্ৰাছা শিক্ষানুষ্ঠান সমূহত এতিয়া কান্দোনৰ ৰোল।

অসমৰ শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কিছুদিনৰ পূৰ্বে মাদ্ৰাছা শিক্ষানুষ্ঠান আৰু সংস্কৃত টোল সমূহ বন্ধ কৰি দিয়াৰ এক সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু তাৰ পাছততেই এতিয়া মাদ্ৰাছা সমন্বয়ৰক্ষী সকল পৰিছে বিপাঙত।

সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল আয়োজন কৰি অসম মাদ্ৰাছা সমন্বয় ৰক্ষী সমিতিয়ে কয় যে, মাদ্ৰাছা শিক্ষানুষ্ঠান সমূহত কেৱল ধাৰ্মিক শিক্ষায়ে দিয়া নহয়, মাদ্ৰাছা শিক্ষানুষ্ঠান সমূহত  হিন্দী, সমাজ বিজ্ঞান, গণিত , ইংৰাজী ইত্যাদি বিষয়ৰ লগতে অসমীয়া বিষয়টোও বাধ্যতামূলক ভাবে পাঠদান কৰা হয় ৷লগতে চৰিত্ৰ গঠনৰ বাবে আধ্যাত্মিক শিক্ষাও প্ৰদান কৰা হয় ৷

উল্লেখযোগ্য যে বৰাক উপত্যকাৰ মাদ্ৰাছা শিক্ষাঅনুষ্ঠান সমূহত অসমীয়া ভাষা বাধ্যতামুলক হিচাপে শিকোৱা হয় বুলি জানিবলৈ দিয়ে সমন্বয়ৰক্ষীৰ সমিতিৰ সমন্বয়ক মফিজ উদ্দিন চাহাবে ৷

গতিকে মাদ্ৰাছা শিক্ষানুষ্ঠান সমূহ বন্ধ কৰি দিয়াৰ সিদ্ধান্ত সলনি কৰিব লাগে শিক্ষামন্ত্ৰী গৰাকীয়ে। তাৰ বাবে ২০ ফেব্ৰুৱাৰী তাৰিখে অসমৰ  প্ৰতিখন মাদ্ৰাছাৰ তৰফৰ পৰা শিক্ষক কৰ্মচাৰীৰ গোটৰ হৈ জিলা উপায়ুক্ত জৰিয়তে অসমৰ ৰাজ্যপাল,মাননীয় মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰীৰ লগতে মাননীয় ৰাষ্ট্ৰপতি, মাননীয় প্ৰধানমন্ত্ৰী আৰু মানৱ সম্পদ উন্নয়ন দপ্তৰৰ মন্ত্ৰীলৈ প্ৰদান কৰিব স্মাৰক পত্ৰ ৷

কিন্তু এতিয়া প্ৰশ্ন হয়, অসমৰ মাদ্ৰাছা শিক্ষানুষ্ঠান সমূহ তথা সংস্কৃত টোল সমূহ বন্ধ কৰি দিলেই অসমীয়া ভাষাৰ প্ৰতি অহা ভাবুকি বা অসমৰ সমস্যা সমূহৰ সমাধান হব নে? যদি মাদ্ৰাছা শিক্ষানুষ্ঠান সমূহ বন্ধ হৈ যায় তেন্তে মাদ্ৰাছা বা টোল সমূহৰ শিক্ষাৰ্থীৰ ভৱিষ্যত