NORTHEAST NOW (Assamese)
অসম

বেজৰ নাকতে খৰ! দুর্বৃত্তক অস্ত্র যোগান ধৰা অপৰাধত ডি এছ পিৰ দেহৰক্ষীক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 11, 2019 9:56 am
Manoj Barman

চোৰ-ডকাইত-দুৰ্বৃত্তৰ বিৰুদ্ধে অভিযান চলোৱা খোদ অসম আৰক্ষীৰ এজন ডি এছ পিৰ দেহৰক্ষী (পি এছ অ’) গ্ৰেপ্তাৰ হৈছে দুৰ্বৃত্তক অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ যোগান ধৰি অহাৰ অপৰাধত।

নলবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দেহৰক্ষীজনৰ নাম মনোজ বৰ্মন আৰু তেওঁ বিশেষ সংৰক্ষিত বাহিনীৰ আৰক্ষী উপ-অধীক্ষক (ডি এছ পি) এজনৰ পি এছ অ’ হিচাপে কৰ্মৰত আছিল।

যোৱা ২১ আগষ্টত ধৰা পৰা দুজন ডকাইতক জেৰা কৰি পৰা পোৱা তথ্যৰ ভিত্তিত বৰ্মনক নলবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তপন কলিতাৰ নেতৃত্বত যোৱা এটা দলে নলবাৰীৰ বৰঝাৰত থকা গণেশ হোটেলৰ পৰা গ্ৰেপ্তাৰ কৰে।

তেওঁৰ পৰা কেইবাটাও অস্ত্ৰ উদ্ধাৰ কৰা বুলি আৰক্ষীৰ সূত্ৰটোত প্ৰকাশ।

আৰক্ষীৰ মানুহ হোৱাৰ সুবিধাত বৰ্মনে দীৰ্ঘদিনৰ পৰা ডকাইত-দুৰ্বৃত্তক ধনৰ বিনিময়ত অস্ত্ৰৰ যোগান ধৰি আহিছিল। অস্ত্ৰবোৰ বৰ্মনে ক’ৰ পৰা আহৰণ কৰিছিল সেই তথ্য সূত্ৰটোত উল্লেখ নাই।

২১ আগষ্টত আৰক্ষীয়ে এটা ১০ লাখ টকীয়া নাইন এম এম পিষ্টলসহ গ্ৰেপ্তাৰ কৰা নুৰুল হুছেইন আৰু জাকিৰ হুছেইন নামৰ ডকাইত দুজনক বৰ্মনেই উক্ত পিষ্টলটো যোগান ধৰা বুলি সূত্ৰটোত প্ৰকাশ।

বৰ্মনৰ বিৰুদ্ধে নলবাৰী থানাত এটা গোচৰ (৫৮১/১৯) ৰুজু কৰা হৈছে আৰু আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা কৰি আছে।