NORTHEAST NOW (Assamese)
অসম

পুনৰ যৌন নিৰ্যাতনৰ ঘটনা : ১৪ বছৰীয়া কিশোৰীক নিৰ্যাতন চলাই ডিব্ৰুগড়ত এজন গ্ৰেপ্তাৰ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী August 26, 2024 5:16 pm

অসমত সংঘটিত হৈ আছে ইটোৰ পিছত সিটোকৈ ধৰ্ষণকাণ্ড। এইবাৰ ডিব্ৰুগড় জিলাত এটা পাষণ্ডৰ হাতত নিৰ্যাতিতা হৈছে এগৰাকী ১৪ বছৰীয়া কিশোৰী।

ডিব্ৰুগড়ৰ মৰাণ চহৰত সংঘটিত হৈছে এই ঘটনা।

জানিব পৰা মতে, আৰক্ষীয়ে এই ঘটনাৰ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।

খোৱাং অঞ্চলত প্ৰসান দাস নামৰ লোকজনে ১৪ বছৰীয়া এগৰাকী কিশোৰীক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে। কিশোৰীগৰাকীৰ পৰিয়ালৰ অনুপস্থিতিৰ সুযোগ লৈ অপকৰ্মৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে প্ৰসান দাসে বিৰুদ্ধে।

জানিব পৰা মতে, কিশোৰীগৰাকীক নিৰ্যাতন চলাব খোজোতে কিশোৰী গৰাকীয়ে চিঞৰ-বাখৰ কৰাৰ পিছত প্ৰসান দাসে পলায়ন কৰিবলৈ বাধ্য হয়।

এই ঘটনা জানিব পাৰি কিশোৰীগৰাকীৰ পৰিয়ালে খোৱাং থানাত অভিযোগ দাখিল কৰে।

অভিযোগ লাভ কৰাৰ পিছত আৰক্ষীয়ে প্ৰসান দাসক গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰিছে।