NORTHEAST NOW (Assamese)
অসম

বিশ্বকাপ কোৱালিফায়িং : এছিয়াৰ চেম্পিয়ন কাটাৰৰ বিপক্ষে গ’ল শূন্য ড্ৰ ভাৰতৰ

Posted by: উদ্দিপ্ত কুমাৰ গোস্বামী September 11, 2019 10:40 am
70313761_1349921531850433_6195056799071076352_n

যুটীয়াভাৱে অনুষ্ঠিত হৈ থকা ২০২২ কাটাৰ ফিফা বিশ্বকাপ আৰু ২০২৩ এছিয়া কাপৰ যোগ্যতা নিৰ্ণয়কাৰী মেচত ভাৰতে এছিয়ান চেম্পিয়ন কাটাৰৰ বিৰুদ্ধে গ’ল শূন্য ড্ৰ খেলি গুৰুত্বপূৰ্ণ ১ পইণ্ট সংগ্ৰহ কৰে।

যোৱা নিশা অনুষ্ঠিত মেচখন ভাৰতৰ বাবে আছিল যথেষ্ট কঠিন। কিয়নো প্লেয়িং ইলেভেনত নাছিল তৰকা তথা সাম্প্ৰতিক সময়ৰ বিশ্বৰ দ্বিতীয় সৰ্বাধিক গ’লদাতা সুনীল ছেত্ৰী। তদুপৰি নাছিল প্ৰতিভাসম্পন্ন মিডফিল্ডাৰ আশ্বিক।

শক্তিশালী তথা বিশ্বকাপ আয়োজক দেশ কাটাৰৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ মেচখনত ছেত্ৰী আৰু আশ্বিকৰ অনুপস্থিতিয়ে প্ৰশিক্ষক ষ্টিমাচক চিন্তিত কৰি তুলিছিল।

কিন্তু ভাৰতীয় দলৰ খেলুৱৈসকলে দুয়োজনৰ অনুপস্থিতি অনুভৱ কৰিব নিদিলে দৰ্শক আৰু ষ্টিমাচক। ভাৰতীয় দলৰ মনোবলৰ বাবেই ৯০ মিনিটৰ খেলত গ’ল কৰিবলৈ ব্যৰ্থ হয় ঘৰুৱা দল কাটাৰ।

এছিয়া কাপত ১৯টা গ’ল কৰা আৰু অন্তিমখন খেলত আফগানিস্তানক ৬-০ত পৰাস্ত কৰা কাটাৰক ভাৰতৰ ডিফেণ্ডাৰ আৰু কালিৰ মেচখনত অধিনায়কৰ ভূমিকা লোৱা গ’লৰক্ষক গুৰপ্ৰীট সিং সান্ধুৱে কোনো সুযোগেই নিদিলে।

সান্ধুৰ ৱৰ্ল্ড ক্লাছ গ’লকিপিঙে ষ্টেডিয়ামত উপস্থিত থকা স্পেইনৰ বিশ্ববিজয়ী দলৰ সদস্য তথা মিডফিল্ডাৰ জাভিকো আকৰ্ষিত কৰে।

ভাৰতীয় প্ৰশিক্ষক ষ্টিমাচে মেচখনত উদীয়মান খেলুৱৈসকলক সম্পূৰ্ণ সুযোগ দিয়া পৰিলক্ষিত হয়। ছিনিয়ৰ তথা অনুভৱী খেলুৱৈৰ অনুপস্থিতিত সুযোগ লাভ কৰা ছাহালে সকলোকে আকৰ্ষণ কৰিবলৈ সক্ষম হয়।

ইফালে দ্বিতীয়াৰ্ধৰ ৭৬ মিনিটত প্ৰশিক্ষক ষ্টিমাচে ছাহালৰ ঠাইত ফিল্ডত নুমুৱাই আন এগৰাকী সপ্ৰতিভ উদীয়মান মিডফিল্ডাৰ তথা অসম সন্তান বিনীত ৰায়ক।

সুযোগৰ অপেক্ষাত থকা বিনীতে মেচৰ প্ৰায় ১৫ মিনিট সময় খেলি প্ৰশিক্ষক ষ্টিমাচক উৎফুল্ল কৰে।

ডোহাৰ জাচিম বিন হামাদ ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল গুৰুত্বপূৰ্ণ মেচখন।

উল্লেখ্য যে যোৱা ৫ ছেপ্তেম্বৰত গুৱাহাটীত অনুষ্ঠিত হোৱা কোৱালিফায়িং ৰাউণ্ডৰ প্ৰথম মেচখনত ভাৰতে ওমানৰ হাতত ২-১ ব্যৱধানত পৰাস্ত হৈছিল।