NORTHEAST NOW (Assamese)
Popular Stories

ৰানৰ নহয়, এইবাৰ অনুৰাগীৰ সংখ্যাৰে ৰেকৰ্ড গঢ়িলে বিৰাট কোহলীয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 18, 2020 1:57 pm
mvkohli

বৰ্তমান সময়ৰ বিশ্ব ক্ৰিকেটৰ আটাইতকৈ শ্ৰেষ্ঠ বেটছমেন হিচাপে পৰিচিত ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়ে আন এক মাইলষ্ট’নত উপনীত হয়।

সোমবাৰে নিশা বিশ্বপ্ৰসিদ্ধ বেটছমেনগৰাকীৰ ইনষ্টাগ্ৰামত ফলোৱাৰ্ছৰ সংখ্যা বৃদ্ধি পাই হ’লগৈ ৫০ মিলিয়ন।

ইয়াৰ লগে লগে তেওঁ ইনষ্টাগ্ৰামত ৫০ মিলিয়ন ফলোৱাৰছ থকা প্ৰথমগৰাকী ভাৰতীয় তাৰকা ৰূপে পৰিগণিত হয়।

টেষ্ট আৰু এদিনীয়াৰ এক নম্বৰ বেটছমেন কোহলীয়ে প্ৰায়েই নিজৰ ফটো আৰু ভিডিঅ’ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা দেখা যায়।

কোহলীয়ে এই পৰ্যন্ত ফটো শ্বেয়াৰিং ৱেবছাইটত ৯৩০ প’ষ্ট ৰেজিষ্টাৰ কৰিছে।

ইনষ্টাগ্ৰামত সৰ্বাধিক ফলোৱাৰ্ছ থকা ভাৰতীয় তালিকাৰ দ্বিতীয় স্থানত আছে বলিউদৰ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা। তেওঁৰ ফলোৱাৰ্ছৰ সংখ্যা হৈছে ৪৯.৮ মিলিয়ন।

আনহাতে ৪৪.১ মিলিয়ন আৰু ৪৩ মিলিয়নেৰে তালিকাৰ তৃতীয় আৰু চতুৰ্থ স্থানত আছে ক্ৰমে দীপিকা পাডুকন আৰু আলিয়া ভাট।

উল্লেখ্য যে ইনষ্টাগ্ৰামত সৰ্বাধিক ফলোৱাৰ্ছ থকা তাৰকা জন হৈছে পৰ্তুগীজ ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডো। ২০০ মিলিয়ন ফলোৱাৰ্ছ অতিক্ৰম কৰা তেওঁৱেই একমাত্ৰ তাৰকা।

জুভেণ্টাছৰ ৰ’নাল্ডোৱে সংগীত শিল্পী এৰিয়ানা গ্ৰেণ্ডে, অভিনেতা তথা প্ৰফেশ্যনেল ৰেষ্টলাৰ ডোৱায়েন ‘দ্যা ৰক’ জনছন, টিভি ষ্টাৰ কাইলি জেনাৰ, ফুটবলাৰ মেছী আৰু নেইমাৰক অতিক্ৰম কৰি এই ৰেকৰ্ড গঢ়িছে।