NORTHEAST NOW (Assamese)
অসম

সীতাৰ নেপাল আৰু ৰাৱণৰ লংকাৰ তুলনাত ৰামৰ ভাৰতত পেট্ৰ’লৰ মূল্য অধিক : সুব্ৰমণিয়ম

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 2, 2021 11:31 am

পেট্ৰ’লৰ মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক কোঙা কৰাৰ বিষয়টোক লৈ বিজেপিৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যসভাৰ সাংসদ সুব্ৰমণিয়ম স্বামীয়ে নিজৰ চৰকাৰকে আক্ৰমণৰ লক্ষ্য কৰি লোৱা পৰিলক্ষিত হৈছে।

তেওঁ চৰকাৰক লক্ষ্য কৰি লৈ কয় যে ৰামৰ ভাৰতত সীতাৰ নেপাল আৰু ৰাৱণৰ লংকাৰ তুলনাত অধিক হাৰত পেট্ৰ’ল বিক্ৰী হৈ আছে।

সোমবাৰে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট ভাষণত প্ৰতি লিটাৰ পেট্ৰ’লত ২.৫ টকা আৰু প্ৰতি লিটাৰ ডিজেলত চাৰি টকাকৈ কৰ আৰোপ কৰাৰ কথা ঘোষণা কৰিছিল।

ইয়াৰ পিছতে বিজেপিৰ জ্যেষ্ঠ নেতা গৰাকীয়ে মঙলবাৰে এটা টুইটৰ জৰিয়তে এখন ফটো শ্বেয়াৰ কৰা পৰিলক্ষিত হয়।

তেওঁ টুইটটোত লিখে, ‘ৰামৰ ভাৰতত পেট্ৰ’লৰ মূল্য ৯৩ টকা, সীতাৰ নেপালত ৫৩ টকা আৰু ৰাৱণৰ লংকাত ৫১ টকা’।

উল্লেখ্য যে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য প্ৰতিদিনে ৰাতিপুৱা ছয় বজাত সলনি হয়। নতুন হাৰবোৰ ৰাতিপুৱা ৬ বজাৰ পৰা কাৰ্যকৰী হয়।

পেট্ৰ’ল আৰু ডিজেলৰ মূল্যত আবকাৰী শুল্ক, ডিলাৰ কমিশ্যন আৰু অন্য কিছু মিলি ইয়াৰ মূল্য প্ৰায় দুগুণ হয়।

বৈদেশিক মুদ্ৰাৰ হাৰৰ সৈতে আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্য কি তাৰ আধাৰত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য দৈনিক সলনি হয়।

পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ৯০ টকা অতিক্ৰম কৰাটো চৰকাৰৰ দ্বাৰা ৰাইজৰ ওপৰত চৰম শোষণ বুলি ইয়াৰ পূৰ্বেও মন্তব্য কৰিছিল স্বামীয়ে।