NORTHEAST NOW (Assamese)
Popular Stories

লণ্ডনত উজলিল অসমৰ মেখেলা চাদৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 18, 2020 4:55 pm
assams-mekhela-chador-dazzles-at-london-fashion-week

লণ্ডনত উজলিল অসমৰ মেখেলা চাদৰ।

লণ্ডন ফেশ্বন ইউকৰ ৰেম্পত এগৰাকী মডেলৰ শৰীৰত দেখা গ’ল অসমৰ মেখেলা চাদৰৰ লগতে এটা মাদুলী

উল্লেখ্য লণ্ডন ফেচন শ্ব’ত যোৱা ১৫ ফেব্ৰুৱাৰীত ভাৰতীয় বিভিন্ন পোছাকৰ সৈতে মেখেলা চাদৰেও উপস্থিত দৰ্শক মোহাচ্ছন্ন কৰা দেখা গ’ল।

লণ্ডনত ভাৰতীয় দিৱস উদযাপনৰ লগত সংগতি ৰাখি আয়োজন কৰা হৈছে এই ফেশ্বন উইক।

ইন্টাৰনেশ্যনেল ইনষ্টিটিউট অৱ ফেশ্বন ডিজাইন (INIFD) আৰু লণ্ডন স্কুল অৱ ট্ৰেণ্ডে তেওঁলোকে ডিজাইন কৰা পোছাকসমূহ বিশ্ববাসীৰ সন্মুখত উপস্থাপন কৰাৰ উদ্দেশ্যে লণ্ডন ফেশ্বন উইকত এই প্ৰচেষ্টা হাতত লৈছে।

লণ্ডনস্থিত ভাৰতীয় উচ্চায়ুক্তই এই শ্ব’ৰ অনুষ্ঠিত কৰিছে।

যোৱা ১৪ ফেব্ৰুৱাৰিৰ পৰা আৰম্ভ হোৱা এই ফেশ্বন উইক অহা ১৮ ফেব্ৰুৱাৰিলৈকে চলিব।

উল্লেখ্য যে প্ৰথমবাৰ বাবে অসমৰ মেখেলা চাদৰে লণ্ডন ফেশ্বন উইকত স্থান পাইছে।